নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুৰ্কংচেলেক ষ্টেচনত ড্ৰাগছ-নগদ ধনসহ যুৱকক আটক জোনাই আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে জোনাইত আটক‌ কৰে এজন‌ ড্ৰাগছ সহ যুৱক। জানিব পৰা ড্ৰাগছ সহ আটকাধীন যুৱক জন জোনাই মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা ৰোহিত ৰাম বুলি জানিব পৰা গৈছে। জোনাইৰ ৰেলৱে ষ্টেচনত দীৰ্ঘদিনৰ পৰা নিজে ড্ৰাগছ সেৱন কৰাৰ উপৰি বিক্ৰীৰ কৰাৰ খবৰ বিশেষ সুত্ৰে খবৰ লাভ কৰে জোনাই আৰক্ষীয়ে৷ এই খবৰ ভিত্তিত নিশা জোনাই আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া নেতৃত্বত গোপন সুত্ৰে পম খেদি ৰাইজৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যুৱক জনৰ পৰ 1.54 গ্ৰাম ড্ৰাগছ সহ 3900 টকা নগদ ধন জব্দ কৰে৷

প্ৰেৰক কৰবী দলে

You might also like