নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ আৰু ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা হ’ব লাচিত দিৱসঃ মুখ্যমন্ত্ৰী

  • মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখা কাৰ্যসূচীত জনসাধাৰণক জড়িত কৰিবলৈ ৱেব প’ৰ্টেল আৰু ম’বাইল এপ উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত অসম ইতিহাসৰ প্ৰবাদপ্ৰতীম সেনাধিনায়ক লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখা কাৰ্যসূচীত জনসাধাৰণক জড়িত কৰিবলৈ এক ৱেব পৰ্টেল আৰু ম’বাইল এপ উন্মোচন কৰে৷

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সম্প্ৰতি অসম চৰকাৰে বৰ্ষজোৰা কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন কৰি আছে৷ তেওঁ কয় যে চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতবৰ্ষৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বৰ্ষজোৰা কাৰ্যসূচী উদযাপনৰ শুভ উদ্বোধন কৰিছিল৷ এই উদযাপনৰ সৈতে সংগতি ৰাখি মহাবীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে সৰ্বস্তৰৰ জনসাধাৰণক জড়িত কৰি এই মহানায়কগৰাকীৰ বিষয়ে এক ৰচনা লিখা কাৰ্যসূচী ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে৷ এই ৰচনা লিখা কাৰ্যসূচীৰ মাধ্যমেৰে মহাবীৰ লাচিতৰ সম্পৰ্কে জনসাধাৰণে যাতে নিজৰ অনুভৱ ব্যক্ত কৰিব পাৰে আৰু তেওঁক স্মৰণ কৰিব পাৰে তাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত ব্যক্তি আৰু সৰ্বসাধাৰণ ৰাইজে এই ৰচনা লিখা কাৰ্যসূচীত আজিৰে পৰা জড়িত হ’ব পাৰিব৷ দেশ-বিদেশৰ সকলো লোকৰ বাবে এই কাৰ্যসূচী মুকলি থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে সকলোৱে স্বেচ্ছাই মহাবীৰ লাচিতৰ বিষয়ে নিজৰ জ্ঞান, মনৰ ভাৱ ৰচনাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব৷ এই প্ৰক্ৰিয়াটো সাৰ্বজনীন কৰি তুলিবলৈ আজি এই ৱেব প’ৰ্টেল আৰু এপ মুকলি কৰা হৈছে৷ এই উদ্দেশ্যে এখন ‘প্ৰী ফ’ৰমেটেড ফিজিকেল বুকলেট’ প্ৰতিখন জিলাতে যোগান ধৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে কয় যে জিলা উপায়ুক্তই এই বুকলেট বিভিন্ন শিক্ষানুষ্ঠানত যোগান ধৰিব৷ জনসাধাৰণেও উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এই বুকলেট সংগ্ৰহ কৰিব পাৰিব৷ অৱশ্যে ৰচনা লিখাৰ বাবে এই ‘প্ৰী ফ’ৰমেটেড ফিজিকেল বুকলেট’ বাধ্যতামুলক নহয়৷ জনসাধাৰণে সাধাৰণ কাগজতো মহাবীৰ লাচিতৰ বিষয়ে ৰচনা লিখিব পাৰিব৷ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ত অহা ১৮ নৱেম্বৰত ৰচনা লিখা কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ পৰৱৰ্তী পৰ্যায়ত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণে ৱেব প’ৰ্টেল বা এপ্‌ত ৰচনাখন নিজে বা আনৰ সহায়ত আপলোড কৰি এখন মানপত্ৰ লাভ কৰিব পাৰিব৷ তেওঁ কয় যে এই ডিজিটেল চাৰ্টিফিকেট তেওঁলোকে আজি মুকলি কৰা এপ্‌ৰ পৰা ডাউনলোড কৰিব পাৰিব৷ জিলা উপায়ুক্তসকলে এই ৰচনা লিখা কাৰ্যসূচী যাতে এক জনজাগৰণত পৰিণত হয় তাৰবাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

মুখ্যমন্ত্ৰীয়ে কয় যে অহা ২৩ আৰু ২৪ নৱেম্বৰত লাচিত দিৱসৰ কাৰ্যসূচী ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ তেওঁ কয় যে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি আলোকপাত কৰি ৰাজ্য চৰকাৰে এখন গ্ৰন্থ প্ৰকাশৰ কাম আৰম্ভ কৰিছে৷ আনহাতে, এইগৰাকী মহানায়কৰ জীৱনৰ আধাৰত তথ্যচিত্ৰও মুকলি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অহা ১৮ নৱেম্বৰত অসমৰ প্ৰতিখন জিলাত আৰক্ষীয়ে এন চি চি কেডেটৰ সহযোগত মাৰ্চপাৰ্চৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব৷ আনহাতে, জনসাধাৰণক লগত লৈ জিলা প্ৰশাসনে ক্ৰীড়া, সাংস্কৃতিক, তৰ্ক, আকস্মিক বক্তৃতা তথা আলোচনাচক্ৰ অনুষ্ঠিত কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত লাচিত বৰফুকনৰ সমাধিস্থলক পৰ্যটকৰ আকৰ্ষণীয় স্থলীৰূপে সজাই তোলাৰ ব্যৱস্থা লোৱা হৈছে৷ তেওঁ লগতে কয় যে আলাবৈ ৰণত মোগলৰ হাতত জন্মভূমিৰ হকে যুঁজ দি এদিনতে ১০ হাজাৰ অসমীয়া সেনাই জীৱন দান কৰা আলাবৈ ৰণৰ যুদ্ধ স্মাৰক নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে৷

আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কৃষি মন্ত্ৰী অতুল বৰা, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে উচ্ছ পদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like