অসম-নগালেণ্ড সীমান্তৰ খটখটিত দুইলক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দঃ সৰবৰাহকাৰী যুৱক আটক
নিয়মীয়া বার্তা, ১৩ আগষ্টঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বৰপথাৰ চাৰ্কলৰ আৰক্ষী বিষয়া ভূপেন কলিতা আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰক্ষ্মৰ সহযোগত যোৱা আৰক্ষীৰ এটা দলে খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাব্যণ্য পাৰ্কিংত তালাচী চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ক্ত কৰাৰ লগতে ৪ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ভৰাই অনা মুঠ ৪০ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে বোকাজান মহকুমাৰ অন্তৰ্গত ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাত আৰক্ষীয়ে বিভিন্ন সময়ত চলোৱা নিয়মীয়া তালাচীত মণিপুৰ, নগালেণ্ডৰ পৰা সৰবৰাহ কৰা কোটি কোটি টকা মূল্যৰ ড্ৰাগছ, গাঁজা আদি জব্দ কৰা ঘটনা সমূহে উক্ত ৰাষ্ট্ৰীয় ঘাইপথ দুটাক একাংশ অসাধু ব্যৱসায়ীয়ে নিষিদ্ধ ড্ৰাগছৰ ক’ৰিডৰ স্বৰূপে ব্যৱহাৰ কৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ সত্য বুলি পুনৰ প্ৰমাণ হৈছে। *