নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃশংস! স্বামীয়ে আক্ৰমণ কৰি হত্যা কৰিলে পত্নী-কন্যাক

ৰাইজৰ আক্ৰমণত নিহত হত্যাকাৰী

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ গুড়গুড়ি লাইনত নৃশংস হত্যাকাণ্ড৷ স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত পত্নী আৰু কন্যাক। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। সংকটজনক অৱস্থাত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয় পত্নী-কন্যাৰ। মৃত মহিলাগৰাকীৰ নাম ছামা মাঝি আৰু ৬ বছৰীয়া কন্যাগৰাকীৰ নাম জোনালী মাঝি।

আনহাতে এই ঘটনাৰ খবৰ পায় ঘটনাস্থলীত উত্তেজিত ৰাইজে প্ৰহাৰ কৰে অভিযুক্ত জিতেন মাঝিক। ৰাইজৰ প্ৰহাৰত মৃত্যু হয় জিতেন মাঝিৰ। পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

 

You might also like