নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগক হেঁপাহৰ ভোগালী, ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ  সমাগত হেঁপাহৰ ভোগালী । মাজত মাথো দুটামান দিন বাকী। সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালকৈ নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বটদ্ৰৱাকে আদি কৰি বৃহত্তৰ অঞ্চলত ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি । বটদ্ৰৱাৰ বিভিন্ন গাওঁত এতিয়া ঢেঁকীৰ শব্দৰ গুমগুমনিত জীপাল হৈ পৰিছে চৌদিশ। গাঁৱৰ সকলো জীয়ৰী বোৱাৰী এতিয়া ব্যস্ত পিঠাগুৰি খুন্দাত, লাডু বনোৱাত। বিগত লক ডাউনৰ সময়ছোৱাত ৰঙালী বিহুটি ভালদৰে উদযাপন কৰিব নোৱাৰাত ভোগালীকে এইবাৰ আনন্দ উল্লাহৰ মাজেৰে উদযাপন কৰিবলৈ আগবাঢ়িছে সকলো ৷ বৰ্তমান যিহেতু প্ৰশাসনৰ কোনো নিৰ্দেশনা নাই গতিকে সেয়ে সত্তৰ দেওনা পাৰ হোৱা আইতা জনীও কঁকালত টঙালি বান্ধি ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতিত লাগি পৰিছে ৷

মঙলদৈতো ভোগালীৰ ব্যাপক প্ৰস্তুতি। মঙলদৈত টেক্টৰৰ আৰ্হিত ভেলাঘৰ । পথাৰৰ পৰা এতিয়া নাঙল গুচি টেক্টৰৰে কৰা হয় খেতি বাতি ।সেয়েহে মঙলদৈ নিকতৱৰ্তী মঠঙা গাঁওত ৰাইজে সাজিছে বাহ আৰু নৰাৰে টেক্টৰ ।

ইফালে ৰহাত সম্পূৰ্ণ হ’ল ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতিৰ ভেললাঘৰ। প্ৰতিবছৰে অভিনৱ ভেলাঘৰ নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ লাভ কৰি অহা ভগৱান সেনাপতিয়ে এইবাৰ নিৰ্মাণ কৰিছে কৰোনা প্ৰতিৰোধৰ আৰ্হিত অভিনৱ ভেলাঘৰ। ‘বিশ্বজুৰি কৰোনা, প্ৰাণৰ সংশয়, আহা সবে মিলি কৰো প্ৰতিৰোধ নিশ্চয়’- এই শ্ল’গানেৰে ভগৱানে কৰোনাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰাৰ দৃশ্যপট তুলি ধৰিছে ভেলাঘৰ মাধ্যমেৰে। শনিবাৰে এই অভিনৱ ভেলাঘৰটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে। নৃত্য গীতেৰে মুখৰিত হৈ পৰে ভেলাঘৰৰ বাকৰি। অঞ্চলৰ জীয়াৰী বোৱাৰীয়ে এনেদৰে নাচি বাগী মতলীয়া হৈ পৰা দেখা গৈছে। মুঠতে চৌদিশে এতিয়া ভোগালীৰ উছাহ দেখিবলৈ পোৱা গৈছে।

You might also like