নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাঘৰত ১০০ খঁকুৱা কৰ্মচাৰী : ভিজিলেঞ্চৰ পানী নসৰকা জাল

বিশেষ বাৰ্তা, ১৩ মেঃ শূন্য সহনশীল নীতিৰে দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ পাছতো একাংশ বিষয়া–কর্মচাৰীয়ে উৎকোচ গ্রহণৰ লোভ সামৰিব পৰা নাই৷ চৰকাৰী দৰমহাৰে পেট নভৰা এইসকল বিষয়া–কর্মচাৰীৰ উৎকোচৰ লোভে ইতিমধ্যে চৰম পর্যায় পাইছেগৈ৷ যাৰ ফলত বিগত দুটা বর্ষত চৰকাৰী কামৰ বিনিময়ত ধন লৈ ৰঙাঘৰত সোমাবলগীয়া হৈছে ১০০জন ঘোচখোৰ বিষয়া–কর্মচাৰী৷ অসম আৰক্ষীৰ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ ১০ মে’ৰ পৰা চলিত বর্ষৰ ১০ মে’লৈ উৎকোচ লোৱা বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে চলোৱা ৮৯টা অভিযানত হাতে–লোটে ধৰা পৰিছে ১০০জন চৰকাৰী বিষয়া–কর্মচাৰী আৰু সাতজন মধ্যভোগী৷ তথ্য অনুসৰি, দুর্নীতি নিবাৰকৰ অভিযানত ধৰা পৰা এই ১০০জন দুর্নীতিগ্রস্তৰ ভিতৰত ৪১জন বিষয়া৷ তদুপৰি ইয়াৰে ২১জন হ’ল ৰাজপত্রিত বিষয়া৷ ৰাজ্য চৰকাৰে মাহিলি দিয়া বৃহৎ পৰিমাণৰ দৰমহাৰ পাছতো উৎকোচৰ প্রতি লোভ সামৰিব নোৱাৰা এইসকল বিষয়া–কর্মচাৰীৰ বাবে এতিয়াও দুর্নীতি চৰকাৰৰ বিভিন্ন বিভাগত পূর্ণোদ্যমে চলি আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চৰকাৰী বিভাগত চলি থকা এনে দুর্নীতি নির্মূল কৰাৰ বাবে গ্রহণ কৰা কঠোৰ স্থিতিৰ পাছতো গা লৰা নাই একাংশ বিষয়া–কর্মচাৰীৰ৷ প্রায় প্রতিদিনে উৎকোচ লৈ দুর্নীতি নিবাৰকৰ অভিযানত ধৰা পৰি আহিছে এনে বিষয়া–কর্মচাৰীসক৷ তাৰ পাছতো যেন নির্বিকাৰ৷ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ ১০ মে’ৰ পৰা ৩১ ডিচেম্বৰলৈ দুর্নীতিৰ বিৰুদ্ধে চলোৱা ১১টা অভিযানত ১৩জন চৰকাৰী বিষয়া–কর্মচাৰী উৎকোচ লৈ থকা অৱস্থাত হাতে–লোটে ধৰা পৰিছে৷ আনহাতে, ২০২২ চনত চলা ৫০টা অভিযানত ৫৬জন বিষয়া–কর্মচাৰী আৰু দুজন মধ্যভোগীকে ধৰি মুঠ ৫৮জন দুর্নীতিগ্রস্ত লোক জালত পৰিছে৷ একেদৰে চলিত বর্ষৰ ১০ মে’লৈ চলোৱা ২৮টা অভিযানত দুর্নীতি নিবাৰক শাখাই ৩১জন বিষয়া–কর্মচাৰী আৰু পাঁচজন মধ্যভোগীকে ধৰি মুঠ ৩৬জনক উৎকোচ লোৱা অৱস্থাত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ২০২১ চনৰ ১০ মে’ৰ পৰা চলিত বর্ষৰ ১০ মে’লৈ চলোৱা এই অভিযানত দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে লোৱা ১০,১৬,৩০০ টকা জব্দ কৰাৰ বিপৰীতে অন্যান্য ধৰণে লোৱা ১,৪৬,৬৪,৯৩৫ টকাও জব্দ কৰা হৈছে৷ অর্থাৎ যোৱা দুটা বছৰত এনে অভিযানত উদ্ধাৰ হৈছে সর্বমুঠ ১,৫৬,৮১,২৩৫ টকা৷ এই সময়ছোৱাত দুর্নীতি নিবাৰকে গ্রেপ্তাৰ কৰা ৪৩জন দুর্নীতিগ্রস্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছে আৰু আন ৫০জন দুর্নীতিগ্রস্তৰ বিৰুদ্ধে প্রায় ৯৫.৫ শতাংশ অভিযোগনামা প্রস্তুত কৰা হৈছে৷ দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য প্রশাসনে তথা আৰক্ষীয়ে গ্রহণ কৰা এনে কঠোৰ স্থিতিৰ কথা দোহাৰি আৰক্ষী সঞ্চালকপ্রধান (ডিজিপি) জি পি সিঙে প্রকাশ কৰা মতে, উৎকোচ গ্রহণ কৰা লোকৰ বিৰুদ্ধে চলোৱা ৮৯টা অভিযান যথেষ্ট সফল হৈছে৷ ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্রত আৰক্ষীয়ে বিগত সময়ছোৱাত এই অভিযান অধিক ক্ষিপ্র কৰা বুলিও আৰক্ষীৰ শীর্ষ বিষয়াজনে ইতিমধ্যে প্রকাশ কৰিছে৷

You might also like