নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপ আয়োজনৰ প্রস্তাৱ পাকিস্তানৰ অন্যথা এছিয়া ক্রিকেট কাউন্সিল এৰাৰ হুংকাৰ

বিশেষ বাৰ্তা, ১৩ মেঃ চলিত বছৰত পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা আছিল এছিয়া কাপ৷ কিন্তু সীমান্তৰ সিপাৰলৈ গৈ প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলৈ সন্মত নহয় ভাৰতীয় ক্রিকেট ব’ৰ্ড৷ ইয়াৰ পিছতে পাকিস্তানে হাইব্রিড পদ্ধতিত এছিয়া কাপ আয়োজনৰ প্রস্তাৱ আগবঢ়াইছিল৷ হাইব্রিড পদ্ধতি হৈছে অন্য দলসমূহে পাকিস্তানলৈ গৈ মেচ খেলিব আৰু ভাৰতৰ মেচসমূহ হ’ব নিৰপেক্ষ স্থানত৷ সেই প্রস্তাৱ এছিয়ান ক্রিকেট কমিটীয়ে নাকচ কৰে৷ ফলত এইবাৰ পাকিস্তান ব’র্ডে এছিয়া কাপ আয়োজনৰ নতুন প্রস্তাৱ আগবঢ়াইছে৷ দেশখনৰ সংবাদ মাধ্যমৰ সূত্র অনুসৰি পাক ব’র্ডে দুটা স্তৰত এছিয়া কাপ আয়োজনৰ প্রস্তাৱ আগবঢ়াইছে৷ প্রথম পর্যায়ত ভাৰতৰ বাহিৰে অন্য দলসমূহে পাকিস্তানত এটাকৈ ৰাউণ্ড খেলিব৷ ইয়াৰ পিছত সকলো দলে নিৰপেক্ষ স্থান সংযুক্ত আৰব আমিৰশ্বাহীত খেলিবলৈ যাব৷ তাত ফাইনেলসহ প্রতিযোগিতাৰ বাকী মেচসমূহ অনুষ্ঠিত হ’ব৷ ইপিনে পাকিস্তান ব’ৰ্ডৰ অধ্যক্ষ নাজাম শেঠীয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে এছিয়া কাপ বাতিল হ’ব পাৰে৷ এছিয়া কাপৰ পৰিৱর্তে পাকিস্তানে ত্রিদেশীয় শৃংখলা আৰু ভাৰতে ৫টা দলেৰে এখন প্রতিযোগিতা আয়োজনৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰা হৈছিল৷ কিন্তু সম্প্রতি সেই সম্ভাৱনাও নোহোৱা হৈছে৷ পাকিস্তান ব’ডৰ অধ্যক্ষ শেঠীয়ে হাইব্রিড পদ্ধতিত বাতিল হোৱাৰ পিছত অন্ততঃ প্রথম ৰাউণ্ডৰ চাৰিখন মেচ পাকিস্তানত আয়োজন কৰাৰ দাবী জনাইছে৷ তেওঁ লগতে কয় যে এই নতুন প্রস্তাৱ কাউন্সিলত নাকচ কৰিলে পাকিস্তানে এছিয়া কাপ নেখেলে৷ তদুপৰি তেওঁলোকে এছিয়া ক্রিকেট কাউন্সিল এৰি গুচি যাব৷

You might also like