নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বইটামাৰীত সমগ্ৰ শিক্ষা অভিযানৰ ‘জনগোষ্ঠীয় সমন্বয় উৎসৱ’ উদযাপন

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ বঙাইগাঁও জিলা সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত ধলাগাঁও মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত জনগোষ্ঠীয় সমন্বয় উৎসৱ উদযাপন হয়। মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহে এই কাৰ্যসূচীত অংশগ্ৰহন কৰে। পুৱা নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথে বন্তি প্ৰজ্জ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ নাথে। গছপুলি ৰোপন কৰে নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমানী দেৱীয়ে। তাৰ পিছত বিভিন্ন জাতি-জনগোষ্ঠীয় সমাহাৰেৰে মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। শোভাযাত্ৰা উদ্বোধন কৰে বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক জলেশ্বৰ নাৰ্জাৰীয়ে। তাৰ পিছত এক প্ৰদৰ্শনী উন্মোচন কৰে ডাংতল আঞ্চলিক পঞ্চায়তৰ সদস্য বংকিম চন্দ্ৰ বৰ্মনে। ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক খেল-ধেমালি মুকলি কৰে বিদ্যালয়সমূহৰ সহ: পৰিদৰ্শক ভদ্ৰাৱতী বৰ্মনে। তাৰ পিছত সাহিত্য প্ৰতিযোগিতা আৰু বিয়লি বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। বিয়লি অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। সভাখনত বঙাইগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া জ্যোতিষ শৰ্মা, সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা বহু অভিভাৱক উপস্থিত থাকে ।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like