নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতাৰ ৰূপত মন্ত্ৰী ৰঞ্জিত দাস : নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ অপেচাদাৰী নাট্যগোষ্ঠী নাটমণ্ডল, পাঠশালাৰ ৰূপালী জয়ন্তী বৰ্ষৰ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত সামৰণী অনুষ্ঠান উপলক্ষে কালি নিশা নাটমণ্ডল পাঠশালাৰ সভাপতি শ্ৰীপদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় মুকলি সভা আৰু নাটমণ্ডল বটা প্ৰদান অনুষ্ঠান৷ নাটমণ্ডল পাঠশালাৰ সম্পাদক নিতুল কুমাৰ মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰবীন চিত্ৰ শিল্পী প্ৰমোদ ৰয়ৰ জীৱনৰ ওপৰত নাটমণ্ডল পাঠশালাই প্ৰকাশ কৰা বিন্দুতে সিন্ধু নামৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে। নিতুল কুমাৰ মেধিয়ে নাটমল পাঠশালাৰ ২৫ বছৰীয়া যাত্ৰাৰ প্ৰতিবেদন পাঠ কৰা তথা অৱসৰী অধ্যাপক ডঃ ধীৰেন মহন্তই উদ্বোধন কৰা সভাত বৰ কৈহাটি সত্ৰৰ প্ৰয়াত দীনবন্ধু দেৱগোস্বামীৰ ঔৰসত, প্ৰয়াতা  মহামায়া দেৱীৰ গৰ্ভত জন্ম লাভ কৰি সত্ৰৰ মাটি – পানী গচকি ঐতিহ্যমণ্ডিত কটন কলেজৰ দৰে শিক্ষানুষ্ঠানৰ শিক্ষাৰে ঋদ্ধ হৈ অসমৰ ভিন্ন অনুষ্ঠানত শিক্ষকতা কৰা, মঞ্চ নাট, অভিনয়ৰ নিপুণ খনিকৰ; নাট পৰিচালক, আকাশবাণী তথা দূৰদৰ্শন কেন্দ্ৰ তথা নাটমণ্ডলৰ মঞ্চৰ যোগেদি বিপুল সমাদৃত হোৱা  শিল্পী দীনেন্দ্ৰনাৰায়ন গোস্বামীক নাটমণ্ডলৰ সৰ্বোচ্চ সন্মান নাটমণ্ডল বঁটা প্ৰদান কৰা হয়। গোস্বামীক নাটমণ্ডলৰ হৈ বঁটাটো প্ৰদান কৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসে। ফুলাম গামোচা, মানপত্ৰ, জাপি, স্মাৰক পদ, কিতাপৰ টোপোলা আৰু নগদ দহ হাজাৰ টকা দীনেন্দ্ৰ নাৰায়ন গোস্বামীক এই বঁটা প্ৰদান কৰা সভাত প্ৰবীণ সাহিত্যিক ধীৰেন তালুকদাৰ, বিশিষ্ট সংগীত পৰিচালক নাৰায়ণ বৰুৱা, তৰুণ পাঠক, বিশিষ্ট আলোক শিল্পী  নিৰ্মল লহকৰ আৰু বিশিষ্ট কণ্ঠশিল্পী ৰূপেন কলিতাকো বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।

সভাত আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়, বজালী জিলা পৰিষদৰ সভাপতি ৰণজিৎ শালৈ, জ্যেষ্ঠ নাগৰিক ৰাজেন ৰয় সমন্বিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে আনহাতে নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ চতুর্থ দিনাৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক নাট্যকাৰ নিতুল কুমাৰ মেধিৰ ৰচনা পৰিচালনাত ”ইস্ ইস্ আস্ আস্” নাটকত অভিনয় কৰি জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে শতাধিক দৰ্শকৰ মন মোহিত কৰি তোলে৷ নাটমণ্ডল পাঠশালাৰ ব্ৰজনাথ শৰ্মা নাটঘৰৰ নাট্য সম্ৰাট চন্দ্র চৌধুৰী মঞ্চত চন্দ্র চৌধুৰীৰ সোঁৱৰণত মঞ্চস্থ নাটকখনত আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় সহ বজালীৰ ভিন্ন প্ৰান্তৰ ডেৰকুৰিৰো অধিক শিল্পীয়ে অভিনয় কৰে দৰ্শকক আপ্লুত কৰি তোলে।

ব্ৰজনাথ শৰ্মাই নাটকত ছোৱালীৰ দ্বাৰা অভিনয় কৰাৰ পৰা প্ৰথম অসমীয়া কথাছবি জয়মতীত আইদেউ সন্দিকৈয়ে জয়মতীৰ অভিনয় কৰি সমাজৰ পৰা লাঞ্ছিত হোৱাৰ প্ৰতিচ্ছবি উজ্জীবিত কৰাৰ পিছত আজি একবিংশ শতিকাতো নাটক চিনেমা কৰা ছোৱালীক এচামে বেয়া দৃষ্টিৰে চোৱা কাহিনী নাটখনত সূন্দৰ ৰূপত উপস্থাপন কৰিছে নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে। ব্ৰজনাথ শৰ্মাৰ নাটকত ছোৱালী দেখি খেদি অহা একাংশ দৰ্শকক নাটকৰ অভিনয়ৰ মাজেৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে খেদি পুৰুষ মহিলাই সমানে নাটক চিনেমা কৰিব পাৰে বুলি সংলাপ আওৰাই কৰা সাৱলীল অভিনয়ে ৰাজনীতিবিদগৰাকীক অনন্য ৰূপত প্ৰতিষ্ঠা কৰে৷ নাট প্ৰদৰ্শনৰ আৰম্ভনিতে নাট্য সম্ৰাট চন্দ্র চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা নিবেদন কৰে চন্দ্র চৌধুৰীৰ পুত্র নগেন চৌধুৰী আৰু জীয়াৰী মিৰা দত্ত চৌধুৰীয়ে৷

ইয়াৰ মাজতে লোকগীত সম্ৰাট শিল্পী পেঞ্চনাৰ বসন্ত পাটগিৰিক নাটমণ্ডল পাঠশালাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। নাটমণ্ডল পাঠশালাৰ প্ৰযোজনাত অনুষ্ঠিত হোৱা ”ইস্ ইস্ আস্ আস্” নাটকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূপেশ শৰ্মাই। ইয়াৰ পূৰ্বে টিহু ঈগলৰ নাটক “বন্ধ বাকচৰ বিষাদ” উদ্বোধন কৰে বজালীৰ উন্নয়ন আয়ুক্ত মানস দাসে আৰু বন্তি প্ৰজ্বলন কৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ সমন্বয়ক ধীৰাজ শৰ্মাই।

প্ৰেৰক কল্যাণ কলিতা

You might also like