কলিয়াবৰত প্রদূষণৰ কবলত বিস্তীর্ণ কৃষিভূমি, মাছৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ কলিয়াবৰ মহকুমাৰ নলতলিৰ আৰিমৰাস্থিত ঔদ্যোগিক বিকাশ ক্ষেত্রত থকা বাৰজাৰ পেইণ্ট ইণ্ডিয়া প্রাঃ লিমিটেডে পার্শ্বৱর্তী কৃষকসকললৈ নমাই আনিছে অশনি সংকেত৷ উদ্যোগটোৰ পৰা নির্গত বিষাক্ত ৰাসায়নিক দ্রব্য খেতিপথাৰলৈ নির্গত হৈ ধান, মৰাপাট আদিৰ ক্ষতি কৰাৰ লগতে জলচৰ উদ্ভিদ আৰু জীৱকুললৈও ভাবুকি নমাই আনিছে৷
শেহতীয়াকৈ এয়াকে লৈ বৃহত্তৰ অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে অভিযোগ কৰা মতে বাৰজাৰ পেইণ্ট ইণ্ডিয়া প্রাইভেট লিমিটেডৰ পৰা বিষাক্ত ৰাসায়নিক দ্রব্য প্রতিষ্ঠানটোৰ পৰিসীমাৰ পকী দেৱালৰ তলত ওলোৱা ডাঙৰ ডাঙৰ ফুটাৰে নির্গত হৈ প্রতিদিনেই কৃষিভূমিৰ সৈতে বিলীন হৈ আহিছে৷ ফলত পথাৰৰ ধান, মৰাপাট আদি নষ্ট হৈছে৷ অঞ্চলটোৰ কৃষক ক্রমে শান্তিৰাম হাজৰিকা, পৱন নিৰলা, বিজয় ৰাজভৰ, তয়ানাথ শর্মা, হেমকান্ত শর্মা, প্রেমানন্দ উপাধ্যায়, হৰিপ্রসাদ উপাধ্যায়, ধনপতি উপাধ্যায়, মতি দাহাল, বিষ্ণুলাল দাহাল, ধনেশ্বৰ বৰুৱা আদিয়ে প্রতিষ্ঠানটোৰ কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে উদ্যোগটোৰ পৰা নিগৰি ওলাই অহা বিষাক্ত ৰাসায়নিক দ্রব্যৰ বাবে পথাৰৰ পানীত কৃষকে ভৰি থ’বলৈ ভয় কৰে৷
বর্তমান অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ খজুৱতি আৰু ছালৰ ৰোগ অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ খেতিপথাৰৰ দুৰৱস্থা দেখুৱাই কৃষকে মূৰে–কপালে হাত থৈ কয় যে এনে অৱস্থা অব্যাহত থাকিলে এটা সময়ত খেতিয়কে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হ’ব৷ ইপিনে, পথাৰৰ মাজত থকা বিজয় ৰাজভৰ আৰু পৱন নিৰলাৰ পুখুৰীৰ বৃহৎ পৰিমাণৰ মাছ ইতিমধ্যে বিষক্রিয়া ঘটি মৃত্যু ঘটিছে৷ নলতলি গাঁৱৰ গাঁওবুঢ়া শশাংক ভূঞাই জানিবলৈ দিয়া মতে প্রতিষ্ঠানটোৰ এনে অকর্মণ্যতাৰ ফলত অঞ্চলটোৰ শতাধিক কৃষক ক্ষতিগ্রস্ত হৈছে৷ বিষাক্ত ৰাসায়নিক দ্রব্য বৃহত্তৰ অঞ্চললৈ সম্প্রসাৰণ হোৱাত বৃহত্তৰ অঞ্চলত নেতিবাচক প্রভাৱ পৰিছে৷
বিগত তিনি বছৰ ধৰি বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো উদ্যোগ কর্তৃপক্ষই কোনোধৰণৰ প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ ৰাইজৰ অভিযোগৰ ভিত্তিত মহকুমাধিপতি বিতোপণ নেওগে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি প্রদান কৰা নির্দেশৰ ভিত্তিত মহকুমা কৃষি বিভাগে আৰিমৰা পথাৰৰ পৰা মাটি আৰু পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে৷