নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় কোচ জনগোষ্ঠীয় সংগঠনে কঁপালে দুধনৈ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ অসমৰ কোচ জনগোষ্ঠীক জনজাতিকৰণ নকৰাত আৰু শেহতীয়া অসম বিধানসভাৰ অধিৱেশনত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ বিধেয়কখন অনুমোদন জনোৱাত জাঙুৰ খাই উঠিছে সদৌ অসম কোচ ছাত্র সন্থাৰ লগতে জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনে৷ কালি দুধনৈ পৰিদর্শন বঙলা প্রাংগণত সদৌ অসম কোচ ছাত্র সন্থা, কোচ সন্মিলন, কোচ মহিলা পৰিষদ, কোচ যুৱ পৰিষদ, কোচ সাহিত্য সভা আৰু নাৰায়ণী সেনাৰ শতাধিক প্রতিবাদকাৰীয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ তীব্র প্রতিবাদ কৰে৷

সংগঠনকেইটাই কোচ জনগোষ্ঠীক জনজাতিকৰণ, কোচ ভাষাৰ শিক্ষক নিযুক্তিকে আদি কৰি কেইবাটাও দাবী উত্থাপন কৰে৷ এই দাবীসমূহ পূৰণ নকৰিলে আগন্তুক বিধানসভা নির্বাচনত বিজেপি দলক এশিকনি দিয়া হ’ব বুলি হুংকাৰ দিয়ে৷ প্রতিবাদকাৰীসকলে হাতে হাতে প্লে–কার্ড, বেনাৰ লৈ সর্বানন্দ সোণোৱাল হায় হায়, অসম চৰকাৰ হায় হায়, কমতাপুৰ স্বায়ত্ত পৰিষদ আমি নামানো, ন’ এছ টি, ন’ ৰেষ্ট আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ সদৌ অসম কোচ ছাত্র সন্থাৰ সভাপতি মনোৰঞ্জন কোচে ক্ষোভ প্রকাশ কৰি কয়– ভাৰত চৰকাৰে কোচসকলক বিভিন্ন ভাগত বিভক্ত কৰি জনগোষ্ঠীটোক নিঃশেষ কৰাৰ ষডযন্ত্র কৰিছে৷ একেটা জনগোষ্ঠীকে মেঘালয়, পশ্চিমবংগ আৰু অসমত তিনিখন ৰাজ্যত তিনিটা ভাগত বিভাজন কৰি কোচসকলৰ ওপৰত ৰাজনীতি কৰিছে৷

মেঘালয়ত থকা কোচসকলক জনজাতি, পশ্চিমবংগত থকা কোচসকলক অনুসূচিত জাতি, অসমত বসবাস কৰা কোচসকলক অন্যান্য পিছপৰা শ্রেণীৰ জাতি হিচাপে স্বীকৃতি প্রদান কৰি কোচ জনগোষ্ঠীৰ লোকসকলক চৰকাৰে বিভাজন কৰিছে বুলি তীব্র ক্ষোভ উজাৰে সদৌ অসম কোচ ছাত্র সন্থাৰ সভাপতি মনোৰঞ্জন কোচে৷ তেওঁ আৰু কয়– আমি যদি একেখন ভাৰতবর্ষৰ বাসিন্দা আৰু একেখন সংবিধানৰ গণ্ডীত বসবাস কৰোঁ, তেনেহ’লে আমাক বিভিন্ন ৰাজ্যত বিভিন্ন শ্রেণীত বিভক্ত কৰাৰ অধিকাৰ চৰকাৰে ক’ত পালে? তেওঁ অসমত বসবাস কৰা ৭০ লাখ কোচ জনগোষ্ঠীৰ আর্থ–সামাজিক সুৰক্ষা, ভাষা, কৃষ্টি–সংস্কৃতি সুৰক্ষা দিয়া, অসমৰ কোচ জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান, জনগোষ্ঠীটোক সুকীয়াকৈ উপগ্রহীয় পদ্ধতিৰে স্বায়ত্তশাসিত পৰিষদ গঠন, প্রাথমিক বিদ্যালয়সমূহত এক হাজাৰ কোচ ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে চৰকাৰক দাবী জনায়৷ প্রতিবাদী কার্যসূচীত গোৱালপাৰা জিলা কোচ ছাত্র সন্থাৰ সভাপতি মাধৱ কোচ, সম্পাদক জ্যোতিপ্রসাদ কোচ, সদৌ অসম কোচ মহিলা পৰিষদৰ সভানেত্রী চিন্ময়ী কোচ প্রমুখ্যে কেইবাগৰাকী বিষয়ববীয়াই অংশগ্রহণ কৰে৷

You might also like