নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীবিল আইথান দীঘলা গখাই গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং ফেঞ্চিং তাঁৰ জব্দ

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ ডিব্ৰুগড় বগীবিল আৰক্ষী চকীৰ অন্তৰ্গত আইথান দীঘলা গখাই গাঁৱত এক বৃহৎ পৰিমাণৰ চোৰাং ফেঞ্চিং তাঁৰ জব্দ কৰে আৰক্ষীয়ে। কালি নিশা AS-06-BC-6383 নম্বৰৰ এখন TATA এ চি গাড়ীত বৃহৎ পৰিমাণৰ ফেঞ্চিং তাঁৰ খিনি চোৰাং ভাৱে কঢ়িয়াই লৈ গৈছিল দুজন ব‍্যক্তিয়ে। উক্ত বিষয়টোৰ সন্দৰ্ভত কিছু স্থানীয় ব‍্যক্তিৰ খবৰ সূত্ৰে বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ মোহন সিংহ চেতিয়াৰ অৱগত হোৱাত তাৎক্ষণিক ভাৱে আৰক্ষী বিষয়া গৰাকীয়ে বগীবিল আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বগীবিলত বৰ্তমান চৰকাৰী ভাৱে এটা নলাৰ নিৰ্মাণৰ কাম চলি আছে আৰু সেই উক্ত নলাত নিৰ্মাণৰ ব‍্যৱহাৰ বাবে অনা হৈছিল ফেঞ্চিং তাঁৰ খিনি। কিন্তু কিছু দুষ্ট চক্ৰ‌ই উক্ত সামগ্ৰী খিনি অন‍্য ঠাইলৈ চুৰ কৰি নি থকাৰ সময়ত গাড়ী সহ জব্দ কৰে আৰক্ষীয়ে। সামগ্ৰী খিনিৰ সৰবৰাহৰ লগত জৰিত ডিব্ৰুগড়ৰ আখতাৰ আলি আৰু চহৰ আলি নামৰ দুজন ব‍্যক্তিক আতক কৰে বগীবিল আৰক্ষীয়ে।অধিক তদন্তৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like