নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনৰ জন্ম-জয়ন্তী উপলক্ষে বজালীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বজালী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আৰক্ষী বিভাগ, অন্যান্য চৰকাৰী বিভাগ আৰু বজালীবাসীৰ সহযোগত যোৱা ১৮ নৱেম্বৰৰ পৰা উদযাপন কৰি অহা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম-জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ অংশস্বৰূপে আজি অনুষ্ঠিত হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা৷ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পতাকা জোকাৰি উদ্বোধন কৰে বজালী জিলা উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই৷ বজালী জিলা উন্নয়ন আয়ুক্ত মানস দাস, অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল প্ৰতিম কোঁৱৰৰ বিশেষ তৎপৰতাত বজালী জিলা প্ৰশাসনৰ তৰফৰ পৰা উলিওৱা শোভাযাত্ৰা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈ সমগ্ৰ পাঠশালা নদৰৰ মাজেৰে পৰিভ্ৰমণৰে এক বিশেষ আকৰ্ষণীয় ৰূপত বীৰ লাচিতৰ বীৰত্বৰ কথাগাথা বিভিন্ন ভংগীমাৰে প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে৷ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা সঞ্জীৱ শৰ্মা, নৱ কাশ্যপ, ৰাজকুমাৰকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীৰ লগতে বজালীৰ ভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত বীৰ লাচিতক লৈ কৰা বিভিন্ন ভংগীমা প্ৰদৰ্শন, বীৰ লাচিতৰ ৰূপত বিভিন্নজনৰ অভিনয়, হেংদাং, বৰটোপ প্ৰদৰ্শন, আয়তীৰ নাম, বীৰনাম, ওজাপালি, হোলীগীত, জুনানাম, উড়িয়া নৃত্য, নেপালী, বিয়ানাম, বড়ো নৃত্য, সত্ৰীয়া, নাগাৰা, বজালী জিলা গাও প্ৰধান সংস্থা, আৰক্ষীৰ মাৰ্চ, শৰাইঘাটৰ ৰণ, মহোহো, পানী তোলা, বাটৰ নাট, হোলী, স্কাউট আৰু গাইডকে ধৰি বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিভিন্ন লোকসংস্কৃতিৰ পয়োভৰেৰে মুখৰিত হৈ পৰে সমগ্ৰ পাঠশালা চহৰ৷ গজৰাজৰ পদব্ৰজৰ পিছে পিছে সহস্ৰাধিক লোকে কৰা শোভাযাত্ৰাতে বজালী জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ বেশত সাজ সজ্জা প্ৰতিযোগিতাও অনুষ্ঠিত হৈ যায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like