নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ দুৰ্বৃত্ত-অসম আৰক্ষীৰ সংঘৰ্ষত নিহত‌ ৪

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: মঙলবাৰৰ পুৱাৰ ভাগৰ পৰা অসম-মেঘালয় কাছাৰ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। সীমান্তত মেঘালয়ৰ একাংশ দুৰ্বৃত্ত আৰু অসম আৰক্ষীৰ সংঘৰ্ষত ৪জন নিহত‌ হোৱাৰ খবৰ পোৱা গৈছে। আজি পুৱা অসম-মেঘালয় সীমান্তৰ সমীপত অসম আৰক্ষী আৰু বনৰক্ষীৰ সৈতে সংঘৰ্ষ হয়। বন বিভাগে চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ বাবেই প্ৰায় তিনি শতাধিক খাছী লোকে হাতে-হাতে দা, যাঠি-জোং লৈ অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। জানিব পৰা মতে, মেঘালয়ৰ তিনি শতাধিক খাছী দুৰ্বৃত্তই অসমৰ বনকৰ্মীক আক্ৰমণৰ ফলত উপায়ান্তৰ হৈ আৰক্ষীয়ে দুৰ্বৃত্তক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়। ঘটনাৰ উল্লেখযোগ্য যে, দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ এজন বনকৰ্মী নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক। আনহাতে গুলীচালনাৰ ঘটনাত তিনি খাছী দুৰ্বৃত্তৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাৰ খবৰ পোৱাৰ পিছত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে আৰক্ষী বাহিনী লৈ দিগৰখাল এলেকাত উপস্থিত হয়। আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে কয়, ঘটনাৰ পিছত সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ৰ যানবাহনৰ বাহিৰে আন যানবাহন যাবলৈ দিয়া হোৱা নাই। মেঘালয়ৰ যাত্ৰীসকলক যাবলৈ দিয়া হৈছে। লগতে সতৰ্কতাৰ বাবে গুৱাহাটীলৈ যোৱা যানবাহন যাবলৈ দিয়া হোৱা নাই। দিন আৰু ৰাতি মেঘালয় হৈ যোৱা সকলো যানবাহন যাতায়ত বন্ধ ৰখা হৈছে‌। তেওঁ কয়, ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ কয়। উল্লেখ্য যে, অসম-মেঘালয় সীমান্তত সংঘটিত এনে সংঘৰ্ষৰ ঘটনাই ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পিনে ট্ৰাক-লৰি সহ বিভিন্ন ধৰণৰ যানবাহনৰ দীৰ্ঘ লাইন পৰিছে। তদুপৰি চুবুৰীয়া অঞ্চলৰ স্বাভাৱিক জীৱনযাপনত ব্যাপক প্ৰভাৱ পেলাইছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like