নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত উৎকোচ লৈ গ্রেপ্তাৰ অগ্নিনির্বাপক বাহিনীৰ বিষয়া

🔹 এনঅ’চিৰ বিনিময়ত ২০ হাজাৰ টকা গ্রহণ

নিয়মীয়া বার্তা, শিলচৰ, ২৩ মার্চ : খাকী পোছাকধাৰী অগ্ণিনির্বাপক বাহিনীৰ এজন বিষয়াই উৎকোচ লৈ গ্রেপ্তাৰ হয়৷ কালি তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ জালত পৰে কাছাৰৰ ধলাইৰ অগ্ণিনির্বাপক বাহিনীৰ ইনচার্জ বসন্ত সিন্হা৷ ফায়াৰ ছেফ্টী এনঅ’চি দিয়াৰ নামত ঘোচ বিচাৰিছিল বসন্তই৷ আগধন হিচাপে ২০ হাজাৰ টকা লওঁতে গ্রেপ্তাৰ হয় বসন্ত সিন্হা৷ উৎকোচ লোৱাৰ সময়তে ধলাই অগ্ণিনির্বাপক বাহিনীৰ ভাৰপ্রাপ্ত বিষয়া বসন্ত সিন্হাক দুর্নীতি নিবাৰকৰ দলে গ্রেপ্তাৰ কৰে৷ গুৱাহাটীৰ পৰা অহা দুর্নীতিবিৰোধী বিষয়াই তেওঁক গ্রেপ্তাৰ কৰি দীর্ঘ সময় ধৰি জেৰা কৰে৷ সঞ্চালকালয়ৰ বিষয়াই তেওঁক ঘৰলৈ লৈ গৈ তালাচী চলায়৷

You might also like