নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মগজুৱেই অস্ত্র : মনৰ নির্দেশ শুনিছে এলন মাস্কৰ ‘টেলিপেথি’য়ে

🔹 আশ্চৰ্যকৰ : কম্পিউটাৰত পক্ষাঘাতগ্রস্তই খেলিলে দবা

বিশেষ বাৰ্তা, ২৩ মার্চ : মগজুৱেই অস্ত্র৷ কম্পিউটাৰৰ মনিটৰৰ দিশলৈ চাই আছে তৰুণে৷ দবা খেলিছে তেওঁ৷ মগজুৰ এটা সংকেতত চকুৰ পলকতে দৌৰিছে কম্পিউটাৰৰ কার্ছাৰ৷ হাতেৰে চুবলগীয়া হোৱা নাই মাউছ৷ শেহতীয়াকৈ ধনকুবেৰ এলন মাস্কৰ সৃষ্টি এই নতুন প্রযুক্তি৷ শেহতীয়াকৈ মাস্কৰ ষ্টার্টআপ ‘নিউৰ’লিংক’–এ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে এক্স হেণ্ডেলত৷ এই ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে পক্ষাঘাতগ্রস্ত এজন ৰোগীয়ে নিউৰ’লিংকৰ ব্রেইন ইমপ্লাণ্টৰ সহায়ত কম্পিউটাৰত দবা খেলিছে৷ মাস্কে এই নতুন প্রযুক্তিৰ নাম ৰাখিছে ‘টেলিপেথি’৷ দীর্ঘদিন ধৰি নিউৰ’লিংকে এটা ব্রেইন কম্পিউটাৰ সৃষ্টিৰ চেষ্টা কৰি আহিছিল৷ পক্ষাঘাতগ্রস্ত বা এনে ধৰণৰ ৰোগীসকলক সাহায্য কৰিবলৈ এই যন্ত্রটো নির্মাণ কৰা হৈছে৷ চলিত বছৰৰ আৰম্ভণিতে কোনো মানুহৰ মস্তিষ্কত প্রতিষ্ঠাপন কৰা হৈছিল এই যন্ত্রটো৷ শেহতীয়াকৈ ২৯ বছৰ বয়সীয়া ন’লাণ্ড নামৰ যুৱকজনে দবা খেলাৰ ভিডিঅ’ বিয়পি পৰিছে ইণ্টাৰনেটত৷ এক মটৰ দুর্ঘটনাত ন’লাণ্ডে মেৰুদণ্ডত আঘাত পাইছিল৷ কান্ধৰ তলৰ পৰা শৰীৰৰ বাকী অংশ পক্ষাঘাতত আক্রান্ত হৈ ন’লাণ্ডৰ শেহতীয়াকৈ নিউৰ’লিংকৰ সাহায্যত ন’লাণ্ডৰ ব্রেইন ইমপ্লাণ্ট সফল হোৱাৰ পাছতে এই চমৎকাৰ দেখিবলৈ পোৱা গৈছে৷

You might also like