অসম গ্ৰন্থমেলা উপলক্ষে ৰেইনড্ৰ’পছ ইনিচিয়েটিভ অসমৰ ৰান ফৰ লাইফ
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অসম গ্ৰন্থমেলা ২০২১-২২ ৰ সৈতে সংগতি ৰাখি ৰেইনড্ৰ’পছ ইনিচিয়েটিভ অসমে “ৰান ফৰ লাইফ” শীৰ্ষকেৰে আয়োজন কৰা এক দৌৰ কাৰ্যসূচী আজি পুৱা ৬ বজাত গুৱাহাটীৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ বাকৰিৰ পৰা অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ মাজত কিতাপ পঢ়া আৰু কিনাৰ আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আয়োজিত এই কাৰ্যসূচীত তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, পাঞ্জাৱ নেশ্বনেল বেংকৰ মণ্ডল পৰিচালক শিৱ শংকৰ সিং, অসম চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ সচিব ডঃ পি এল এন ৰাজু, ভি-গাৰ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ জ্যোষ্ঠ বিষয়া ৰাজীৱ হাজৰিকা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বাহাৰুল ইছলাম চৌধুৰীয়ে বিশেষ অতিথি হিচাপে উপস্থিত থাকে। গ্ৰন্থমেলা বাকৰিৰ পৰা আৰম্ভ হোৱা “ৰান ফৰ লাইফ”ৰ দহ কিলোমিটাৰ আৰু পাঁচ কিলোমিটাৰ শাখাৰ শুভ উদ্ধোধন কৰে ক্ৰমে শিৱ শংকৰ সিং আৰু দেৱাশীষ শৰ্মাই। উল্লেখ্য যে, ‘ৰেইনড্ৰ’পছ ইনিচিয়েটিভ অসম’ নামৰ ন্যাসটোই কভিডকালীন সান্ধ্য আইনৰ সময়চোৱাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ এটেনডেন্ট সকলৰ মাজত প্ৰতিদিনে বিনামূলীয়া নৈশ আহাৰৰ যোগান ধৰি আহি আছে। তাৰোপৰি অসমৰ বিভিন্ন ঠাইত সময়ে সময়ে স্বাস্থ্য আৰু বেংক সম্পৰ্কীয় সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে।