নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰৰ জীৱন আধাৰিত বিশ্বজ্যোতি শৰ্মাৰ উপন্যাস ‘আড়াল’ উন্মোচন কৰি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ‘উপন্যাসে মানুহক জীৱনৰ সন্ধান দিয়ে’

নিয়মীয়া বাৰ্তা  জানুৱাৰীঃ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত আজি বিশ্বজ্যোতি শৰ্মাৰ নৱতম উপন্যাস ‘আড়াল’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ গ্ৰন্থমেলাৰ সভাগৃহত আজি কাৰাগাৰৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত উপন্যাসখন উন্মোচন কৰি ‘অনুৰাধাৰ দেশ’ৰ স্ৰষ্টা বিশিষ্ট ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উপন্যাসে মানুহক জীৱনৰ সন্ধান দিব পাৰে বুলি কয়৷ উপন্যাসৰ যোগেদি মানুহ আৰু তেনেদৰে সমাজ ৰূপান্তৰিত হ’ব পাৰে বুলিও কয়৷ বিশ্বজ্যোতি শৰ্মাৰ ‘আড়াল’ সম্পৰ্কত মতপোষণ কৰিবলৈ গৈ বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে কয়, ‘বিশ্বজ্যোতিয়ে ‘আড়াল’ত এখন কাহিনীৰ জাল গুঁঠাত সফল হৈছে৷ উপন্যাসখনত কাৰাগাৰ সম্পৰ্কে শুদ্ধ তথ্য প্ৰকাশ পাইছে৷ ’
সাংবাদিক অলকা বৰুৱাই আঁত ধৰা ‘আড়াল’ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গল্পকাৰ তথা ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্তই ‘আড়াল’ উপন্যাসখনে নতুন এটা বিষয় উপস্থাপন কৰা বুলি মতৰোষণ কৰা হয়৷ অনুষ্ঠানত সাহিত্য অকাডেমী অনুবাদ বঁটাপ্ৰাপক বিপুল দেউৰী, সাংবাদিক পুলিন কলিতা, তিতাবৰৰ শিক্ষায়তন ‘প্ৰাগজ্যোতিকা’ৰ সঞ্চালক অচ্যুত দ্বীপ শইকীয়া প্ৰভৃতি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আনহাতে, ‘আড়াল’ৰ সৃষ্টিৰ আঁৰৰ কথা ক’বলৈ গৈ নিজৰ অনুভৱ প্ৰকাশ কৰি বিশ্বজ্যোতি শৰ্মাই উল্লেখ কৰে যে উপন্যাসখন ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফলশ্ৰুতি৷ ‘কাৰাগাৰৰ জীৱনটো আৰু সমাজখন দৰাচলতে আমাৰ তথাকথিক ভদ্ৰ-গব্য সমাজখনৰেই এখন ওভোতা ছবি৷ সেই ছবিখনৰ প্ৰতি আমি সদায়েই পিঠি দি আহিছোঁ৷ কাৰাগাৰৰ জীৱন কটোৱা মানুহবোৰ যেন অস্পৃশ্য৷ তেনে ভাৱে অহৰহ আমাৰ মনত ক্ৰিয়া কৰি থাকে৷ কিন্তু ‘আড়াল’ উপন্যাসত কাৰাবন্দীৰ জীৱন আৰু সমাজৰ এনে কেতবোৰ বাস্তৱ দিশ উদঙাই দিয়া হৈছে, যিবোৰে হয়তো কাৰাগাৰ সম্পৰ্কত আমাৰ ভাৱধাৰাই সলনি কৰি পেলাবলৈ সক্ষম হ’ব পাৰে৷ ’ বিশ্বজ্যোতি শৰ্মাৰ নৱতম উপন্যাস ‘আড়াল’ প্ৰকাশ কৰি উলিয়াইছে ‘আঁক-বাক’ প্ৰকাশনে৷ ২৩৬ পৃষ্ঠাৰ উপন্যাসখনৰ দাম আঢ়ৈশ টকা৷

You might also like