নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালাহত সাহিত্য সাধনা মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : সাহিত্য সাধনা মঞ্চ, অসমে আজি ইয়াৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটো সাহিত্য সাধনা দিৱস হিচাপে উদযাপন কৰে। এই উপলক্ষে ৰাজ্যখনৰ সাহিত্য, কলা-সংস্কৃতি, সংবাদক্ষেত্ৰ, সমাজসেৱা, দূৰদৰ্শন তথা প্ৰিণ্ট মিডিয়াৰ সাংবাদিককে ধৰি সমাজৰ বিভিন্ন দিশত বিশেষভাৱে সেৱা আগবঢ়াই অহা প্ৰায় এশ গৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোছা আৰু মানপত্ৰেৰে সম্বৰ্দ্ধনা জনায়। বাক্সা জিলাৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বিশিষ্ট সমাজকৰ্মী অনিল কাকতি, বড়ো যুৱ সাহিত্য একাডেমী বঁটা প্ৰাপক অলংবাৰ মুছাহাৰী, সাধনা সংগীত কাননৰ বিশিষ্ট শিল্পী যোগেন দাস, বিশিষ্ট ভাস্কৰ্য শিল্পী জয়শংকৰ শৰ্মা, ভাস্কৰ্য শিল্পী সীমান্ত বৈশ্য, অধ্যাপক মনজিৎ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্দ্ধনা জনায়।সাহিত্য সাধনা মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণীতে সাধাৰণ সম্পাদক নৱজিৎ দাসে সাহিত্য সাধনা মঞ্চৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰে। সভাত জালাহ প্ৰেছ গীল্ডৰ সভাপতি হৰিহৰ দাস, সাধনা সংগীত কাননৰ অধ্যক্ষ যোগেন দাস আৰু অধ্যাপক মনজিত দাস প্ৰমুখ্যে কেবাগৰাকী বক্তাই ভাষণ আগবঢ়ায়। পুৱা সাহিত্য সাধনা মঞ্চৰ সভাপতি দিলীপ দাসে পতাকা উত্তোলন আৰু  সম্পাদক নৱজিৎ দাসে স্মৃতি তৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে।

প্ৰেৰক দিগন্ত দাস

You might also like