ডিজিটেল ডেস্ক, আগমনি, ২ জুলাই : ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিছনদৈ গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। স্বামী পৰিয়ালে কেৰাচিন তেল শৰীৰত ঢালি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে আম্বিয়া বিবিৰ পিতৃয়ে।
জানিব পৰা মতে, তিনি বছৰ পূৰ্বে বৰুণডাঙা গাঁৱৰ আব্দুল আলীৰ কন্যা আম্বিয়া বিবি (২১) বিছনদৈ গাঁৱৰ ছাত্তাৰ আলীৰ পুত্ৰ নুৰ মহম্মদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিছুদিন ভালেই আছিল যদিও মাজে সময়ে যৌতুক বিচাৰি আম্বিয়া বিবিৰ স্বামী নুৰ মহম্মদৰ পৰিয়ালৰ লোকে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়। ইয়াতে ক্ষান্ত নাথাকি বুধবাৰে নিশা প্ৰায় ১১.৩০ বজাত স্বামীৰ পৰিয়ালে আম্বিয়া বিবিৰ শৰীৰত কেৰাচিন তেল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰে।
স্থানীয় ৰাইজে তৎক্ষণাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে গুৱাহাটীলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে আম্বিয়া বিবিক হত্যাৰ চেষ্টা চলায় বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আম্বিয়া বিবিৰ পিতৃ আব্দুল আলীয়ে গোলকগঞ্জ আৰক্ষী থানাত ছাত্তাৰ আলী, মমিনা বিবি, নুৰ আলম আৰু আকচিনা খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি উচিত শাস্তি প্ৰদানৰ দাবী কৰে।