নিয়মীয়া বাৰ্তা, মানকাচৰ, ২ জুলাই : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। জিলাখনৰ দক্ষিণ শালমাৰাৰ চৰ কাটডাঙাৰ বাঘাপাৰা অঞ্চলৰ পৰা যোৱা দেওবাৰৰ পৰা সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) এগৰাকী জোৱান ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে।
নিৰুদ্দেশ হোৱা জোৱানজনৰ নাম মনোৱাৰ হুছেইন। জানিব পৰা মতে, তেওঁ ভিনিহিয়েকৰ ঘৰত ফুৰিবলৈ আহিছিল। কিন্তু দেওবাৰৰ দিনা তেওঁ হঠাত ক’ৰবালৈ গুচি যায় আৰু তাৰ পাছৰে পৰা তেওঁৰ কোনো সম্ভেদ পোৱা যোৱা নাই।
এই সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে কালাপানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। নিৰুদ্দেশ হোৱা জোৱানজনক বিচাৰি উলিয়াবলৈ পৰিয়ালৰ লোকে ৰাইজৰ সহায় ভিক্ষা কৰিছে। যদি কোনো ব্যক্তিয়ে মনোৱাৰ হুছেইনক ক’ৰবাত দেখা পায়, তেন্তে ৮৪৫৩৬১৩৬১৬ অথবা ৭০৮৬১৮৭৭৩৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।