নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ টকলাংছ জলপ্ৰপাতত মাৰণাস্ত্ৰ লৈ উগ্ৰপন্থীৰ মুক্ত বিচৰণ 

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ সুন্দৰ প্ৰাকৃতিক সন্দয্যৰে ভৰপূৰ সেউজ কাৰ্বি ভূমি।কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত টকলাংছ এটা জলপ্ৰপাত।প্ৰায় এবছৰ পূৰ্বে লোকচক্ষুৰ পোহৰলৈ অহা টকলাংছ জলপ্ৰপাতটোলৈ বহু পৰ্যটকৰ আগমন ঘটে।ইতিমধ্যে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে এই দুৰ্গম এলেকাটোলৈ যোৱাৰ সুবিধা কৰি এই পথটোৰ চাৰে ন(9.5) কিলোমিটাৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়ে। PMGSY ৰ আঁচনিৰ অধীনত বৰ্তমান নিৰ্মান হৈ আছে এই পথটো।

লগতে পঢ়কঃ স্বাস্থ্য অপৰিৱর্তিত ক’মাত প্রাক্তন ৰাষ্ট্রপতি মুখার্জী

এসপ্তাহৰ পূৰ্বে বিধায়কগৰাকীয়ে পথটোৰ নিৰ্মান কাৰ্য্যৰ বুজ লোৱাৰ লগতে জলপ্ৰপাতটো পৰিদৰ্শন কৰে।তাৰ মাত্ৰ কেইটামান দিন পাছতে অৰ্থাৎ 23 আগষ্ট তাৰিখৰ উক্ত পথেৰে হাতত অত্যাধুনিক মাৰণাষ্ট লৈ দেখা গল সেনাৰ পোচাকত উগ্ৰপন্থীৰ এটা দলক। ঘটনা কাৰ্বি আংলং জিলাৰ বোকাজান থানাৰ অন্তৰ্গত বালিপথাৰৰ পৰা ১২ কিলোমিটাৰ আতঁৰত আছে টকৌলাংচ’ জলপ্ৰপাতটো ৷ দেখিলেই গাৰ নোম শিয়ঁৰি উঠা এক দৃশ্য। হাতত মাৰণাস্ত্ৰ লৈ জলপ্ৰপাতলৈ যোৱা লোকৰ সৈতে একেলগে শাৰী শাৰী গৈ আছে উগ্ৰপন্থী দল। হাতত এম-১৬ ; এ কে চিৰিজৰ অস্ত্ৰ লৈ সেই পথেৰে আহিছে জানিব পৰা মতে কুকি উগ্ৰপন্থী সংগঠন UPRF ৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে আৰু সহযোগী একাংশ ৷

লগতে পঢ়কঃ আলোচনা ব্যর্থ হ’লেই সামৰিক শক্তিৰে প্রতিৰোধ কৰা হ’ব চীনৰ আগ্রাসন

উল্লেখ্য যে নতুনকৈ যাতায়তৰ সুবিধা হোৱাৰ বাবে বহুত মানুহ গৈছিল টকলাংছ জলপ্ৰপাতলৈ। পাহাৰীয়া জিলা কাৰ্বি আংলং পিকনিক স্পটত উগ্ৰপন্থী সংগঠনক দেখি এতিয়া শংকিত হৈ পৰিছে কাৰ্বি আংলং বাসী ৰাইজ।আৰক্ষী প্ৰশাসনে বৰ্তমান বন্ধ কৰি দিছে উক্ত স্থানলৈ যোৱাৰ পথটো।

চাওক ভিডিঅ’-

You might also like