নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেলব’ৰ্নলৈ আমন্ত্রিত বিশ্বজিৎ বৰাৰ বেলকনিত ভগৱান

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: অসমীয়া কথাছবি ‘বেলকনিত ভগৱান’–এ (গড অন দ্য বেলকনি) এইবাৰ আমন্ত্রণ পাইছে অষ্ট্রেলিয়াৰ মেলব’ন চহৰত অনুষ্ঠিত হ’ব লগা ‘১২তম ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱ’লৈ৷ অহা ১২ৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত হ’ব লগা এই ৯ দিনীয়া চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’ প্রদর্শিত হ’ব মেলব’নৰ চলচ্চিত্র গৃহত৷ কথাছবিৰ মান আৰু গুৰুত্ব চাই ফেষ্টিভেলখনে কিছু কথাছবি অনলাইনভাৱে আৰু কিছু চিত্রগৃহৰ যোগেৰে প্রদর্শন কৰিব৷

নুৰুল চুলতান প্রযোজিত আৰু বিশ্বজিৎ বৰা পৰিচালিত কথাছবিখন ইতিমধ্যে অহা ২১ জুলাইৰ পৰা আৰম্ভণি হ’ব লগা ‘১৮তম ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱ, ষ্টুটগার্ট’–এ ‘স্কুল ফিল্ম অৱ দ্য ইয়েৰ’ৰ বাবে নির্বাচিত কৰিছে৷

ভাৰতৰ প্রায় ৪০খনৰো অধিক কথাছবিৰ মাজৰ পৰা ‘বেলকনিত ভগৱান’ কথাছবিখনক এই সন্মান দিয়া হয়৷ নিশ্চিতভাৱে অসম আৰু অসমীয়া চিনেমাৰ বাবে এয়া এক বিৰল সন্মান৷ ভাৰতৰ অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক দিশখিনি সুন্দৰভাৱে প্রতিফলিত কৰিব পৰা কথাছবিক এই সন্মান দিয়া হয়৷ মহোৎসৱৰ নির্বাচক মণ্ডলীয়ে ‘বেলকনিত ভগৱান’ৰ মাজত এই সমলখিনি পোৱা বাবে ‘স্কুল ফিল্ম অৱ দ্য ইয়েৰ’ সন্মান প্রদান কৰে৷

You might also like