নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ আমেৰিকাৰ

নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ আফগানিস্তানত শেহতীয়াকৈ তালিবানে বিভিন্ন অঞ্চল দখল কৰা বিষয়টোক গুৰুত্বসহকাৰে লৈছে আমেৰিকাই৷ দেশখনৰ প্রতিৰক্ষা মুখ্য কার্যালয় পেণ্টাগনৰ তৰফৰ পৰা তালিবানৰ এনে উত্থানত গভীৰ উদ্বেগ প্রকাশ কৰাৰ উপৰি আফগান বাহিনীক প্রতিৰোধী যুদ্ধ তীব্রতৰ কৰিবলৈ উৎসাহিত কৰা হৈছে৷ লক্ষণীয়ভাৱে আমেৰিকান বাহিনী আফগানিস্তানৰ পৰা প্রত্যাহাৰ প্রক্রিয়া চলি আছে৷

পেণ্টাগনৰ মুখপাত্র জন কিৰবিয়ে উল্লেখ কৰা অনুসৰি তালিবানে আফগানিস্তানৰ ৮৫ শতাংশ অঞ্চল দখল কৰা বুলি দাবী কৰিছে যদিও এয়া সত্য নহয়৷ কাৰণ আমেৰিকাই দেশখনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে৷ ফক্স নিউজৰ সৈতে হোৱা মত বিনিময়ত কিৰবিয়ে উল্লেখ কৰে যে আফগানিস্তানৰ পৰিস্থিতি সন্দর্ভত পেণ্টাগনৰ হাতত আছে সবিশেষ তথ্য৷ অৱশ্যে, শেহতীয়াকৈ তালিবানে সংঘর্ষ আৰু হিংস্র আক্রমণৰ ঘটনা বৃদ্ধি কৰা বুলি কিৰবিয়ে উল্লেখ কৰিছে৷ তালিবানৰ শেহতীয়া এনে হিংস্রতাৰ বাবেই উত্তপ্ত হৈছে আফগানিস্তান৷ আনকি কট্টৰ ইছলামিষ্ট সংগঠনটোৰ আক্রমণৰ বলি হ’বলগীয়া হৈছে নিৰীহ লোক৷ এনে পৰিস্থিতিত আফগান বাহিনীয়ে তালিবানৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰিব লাগিব বুলিও কিৰবিয়ে মন্তব্য কৰিছে৷

You might also like