নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট জিলাক কৃষি বিভাগৰ পদক্ষেপঃ কৃষকৰ মাজত বীজ, জৈৱিক সাৰ, কীট, অপতৃণ নাশক দ্ৰব্য বিতৰণ

নিয়মীয়া বাৰ্তা,   ১৪ মাৰ্চ :: ড’ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে আন আন বিভাগৰ উপৰি কৃষি খণ্ডৰ উন্নয়নৰ কাৰণে বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰিছে। চৰকাৰী আঁচনিৰ জড়িয়তে প্ৰতিগৰাকী কৃষকক আত্মনির্ভশিল কৰি তুলিবলৈ বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই কৃষিবিভাগৰ বিষয়া কৰ্মচাৰীক কঠোৰ নিৰ্দেশ দিছে। সু পৰিকল্পনাৰে কৃষিক সন্মানীয় বৃত্তি হিচাপে লৈ আগ বাঢ়িলে প্ৰতিগৰাকী কৃষক  স্বাৱলম্বী হ’ব– এনে দৰে এক কৃষি আৰু চৰকাৰী আঁচনিৰ সজাগতা সভাত মন্তব্য কৰে গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে চাপৰি আৰু শিয়াল চাপৰিত কালি কৃষক সকলৰ মাজত উন্নত জাতৰ মাটি মাহৰ বীজ, জৈৱিক সাৰ, কীটনাশক আৰু অপতৃণ নাশক দ্ৰব্য কৃষি বিভাগে বিনামূলীয়াকৈ বিতৰণ কৰে। উক্ত বিতৰণ কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত গ্ৰাম্য কৃষকসকলক প্ৰাকৃতিক কৃষি প্ৰণালী, সাৰ, কীটনাশক আৰু অপতৃণ নাশক দ্ৰব্য প্ৰয়োগৰ ওপৰত কৃষক ৰাইজক বিতং ভাৱে বুজাই দিয়ে গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। ইয়াৰ উপৰি কৃষি সম্প্ৰসাৰণ বিষয়া দ্বয় বৈচিত্রা হাকমওচা আৰু মৃত্যুঞ্জয় শইকীয়া,কৃষি পৰিদৰ্শক সত্য ৰঞ্জন বৰুৱা, কৃষি সম্পসাৰণ সহায়ক গীতাৰ্থী ডেকা, কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ ব্লক প্ৰযুক্তি পৰিচালক ৰমেন বসুমতাৰী কৃষি পৰিদৰ্শক ফটিক বৰাই। আনহাতে বিষয়া কেইগৰাকীয়ে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি চমুকৈ পি এম কিষাণৰ সুবিধা উপলব্ধ আৰু ইয়াৰ বন্ধ হৈ থকা কিস্তিৰ ধন কেনেকৈ পুনৰ লাভ কৰিব তাৰ ওপৰতো ভাষণ প্ৰদান কৰে। অনুষ্ঠান উপস্থিত থাকি কৃষি বিভাগক সহযোগ কৰে দিচৈ গাঁওপঞ্চায়তৰ সভাপতি নৰেন বৰি, বোকাখাত কৃষক পৰিষদৰ সভাপতি দেবেন্দ্ৰ বাৰুকীয়াল সুৰেশ ল‌ই‌ং চচেন দলে আৰু মানিক ল‌ইঙে। উল্লেখযোগ্য ব্ৰহ্মপুত্ৰৰ কেইবাটাও সুঁতি টুলুঙা নাৱেৰে পাৰ হৈ কেইবা কিলোমিটাৰ দূৰ্গম পথ অতিক্ৰম কৰি লহৰে আৰু শিয়াল চাপৰিত কৃষিৰ বিভিন্ন সামগ্ৰী বিতৰণ, চৰকাৰী আঁচনি আৰু কৃষি প্ৰণালী বিষয়ে জিলা কৃষি বিভাগে সজাগতা সৃষ্টি কৰা কাৰ্যক সকলোৱে শলাগ লৈছে। আনহাতে বানাক্ৰান্ত গাঁও দুখনৰ কৃষকসকলেও উৎসাহিত হৈছে।
You might also like