নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক- সাংস্কৃতিক অনুষ্ঠান ‘কিংশুক’ৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: মৰিয়নি অঞ্চলৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক- ক্ৰীড়াৰ অনুষ্ঠান কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় । কিংশুকৰ প্ৰতিষ্ঠাপক সদস্য তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া আৰু প্ৰতিষ্ঠাপক সদস্য – ব্যৱসায়ী অজিত শইকীয়াই পতাকা উত্তোলনেৰে দিনটোৰ কৰ্য্যসূচী মুকলি কৰে । ইয়াৰ পিছতে কিংশুকৰ সভাপতি- শিল্পী তৰুণ শইকীয়াই আঁ‌ত ধৰা চমু অনুষ্ঠানত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । আনহাতে, সন্ধিয়া অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠান কেক কাটি মুকলি কৰে প্ৰতিষ্ঠাপক সম্পাদক – শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা আৰু মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হায়ে । সভাপতি তৰুণ শইকীয়াই আঁ‌ত ধৰা মনোগ্ৰাহী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই কিংশুকৰ সৈতে কাম কৰাৰ পোষকতা কৰে । সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়াই অধ্যক্ষ ড° গোৱালাই সেই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হাই, শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, অভিনেতা – শিক্ষক দীপ কুমাৰ শৰ্মা, কৃতি শিক্ষক মনোজ কুমাৰ শৰ্মা, পাৰ্থপ্ৰতীম ভূঞা, ধৰ্মেন্দ্ৰ চেতিয়া আদিয়েও অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰে । আনহাতে, এই অনুষ্ঠানতে কিংশুক পৰিয়ালৰ সদস্য তথা মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপিকা ড° অৰূপাঞ্জলী বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাত তেওঁক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি অধ্যাপিকা ড° বৰাই কিংশুকৰ গঠনমূলক কামৰ শলাগ লোৱাৰ লগতে অনুষ্ঠানটোৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে । চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়া, কিংশুক মহিলা চ’ৰাৰ সভানেত্ৰী উষা পাওগাম, সম্পাদিকা ৰূপামনি বৰা, সমাজকৰ্মী – অৱসৰপ্ৰাপ্ত শিক্ষক নেকিব ইছলাম আদি প্ৰায় শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটোত তপন চক্ৰৱৰ্তীয়ে দুটি গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । একেটা অনুষ্ঠানতে মৰিয়নি ক্ৰিকেট লীগত শৃংখলাবদ্ধ দলৰ সন্মান অৰ্জন কৰা আৰু ৰূপম কুৰ্মী সোঁ‌ৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ লাভ কৰা কিংশুক ক্ৰিকেট দলৰ খেলুৱৈসকলৰ লগতে আশী- নব্বৈ দশকত কিংশুক ফুটবল দলৰ সদস্য – ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক অৰুণ দত্তকো সন্মান জনোৱা হয় । এই অনুষ্ঠানতে কেবাটাও গঠনমূলক কামৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

দিব্যজ্যোতি শইকীয়া

You might also like