নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউনিফৰ্ম পিন্ধি ভাতৃৰ সৈতে বিদ্যালয়লৈ গ’ল নিকুমনি…

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: শিলসাকোৰ উচ্ছেদিত নিকুমণিক মনত আছেনে আপোনাৰ? সেই যে শিলসাকোৰ উচ্ছেদৰ সময়ত ভাইৰেল হৈছিল এটা ভিডিঅ’। দুয়ো হাতত কাপোৰৰ দুটা টোপোলা লৈ এজন লোকৰ আগত এজন শিশুৱে কৈছিল – ‘অ’ আংকল, আৰু অলপ সময় আহিব নিদিবাচোন, আমাৰ ঘৰ খালী কৰা হোৱাই নাই, ১০ মিনিটমান পিছত হৈ যাব’।

হয় সেই নিকুমনিয়ে পালে স্থায়ী ঠিকনা। USTM কৰ্তৃপক্ষই নিকুমণি আৰু পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে বাসস্থান। লগতে USTMৰ সঞ্চালক মহবুবুল হকে নিকুমণিৰ পঢ়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিব বুলি দিয়া কথাৰ যেন আখৰে আখৰে পালন হল।

নিকুমণি আৰু তেওঁৰ ভাতৃ খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত আজিৰে পৰা প্ৰথমবাৰলৈ ইউনিফৰ্ম পিন্ধি তেওঁলোক দুয়ো ভাতৃ বিদ্যালয়লৈ যোৱাৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছে। আজি এক ছবি পোষ্ট কৰি এই খবৰ জনালে USTMৰ সঞ্চালক মহবুবুল হকে।

You might also like