গোলাঘাটত পেট্ৰ’ল পৰিবাহী টেংকাৰ বিস্ফোৰণ; এজনৰ মৃত্যুঃ মন্ত্ৰী অজন্তা নেওগৰ ঘৰ ক্ষতিগ্ৰস্ত
নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: আাজি দিনৰ প্ৰায় ১১ বজাত গোলাঘাটত টেংকাৰ বিষ্ফোৰণৰ এক শোকাবহ ঘটনা সংঘটিত হয়। টেংকাৰ মেৰামতি কৰি থকাৰ সময়তে টেংকাৰ বিস্ফোৰণ ঘটি গেৰেজৰ মালিক তথা ৱেল্ডাৰ নবীন বৰুৱাৰ মৃত্যু হয়। গোলাঘাটৰ বেঙেনাখোৱাৰ এটা গেৰাজত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে গেৰাজৰ আন কৰ্মচাৰী আৰু টেংকাৰৰ কৰ্মচাৰী। কি কাৰণত ঘটনাটো সংঘটিত হ’ল সেইকথা বৰ্তমানো জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকে সন্দেহ কৰিছে যে ওৱেলডিং নতুবা টেংকাৰত আন বিদ্যুৎ সংযোজিত কাম কৰি থকাৰ সময়তে ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ মতে টেংকাৰখনৰ ওপৰ অংশ প্ৰায় এশ ফুটলৈ উৰি যায় । বিষ্ফোৰণ হোৱা টেংকাৰ খনৰ নম্বৰ এন এল ০৭-এ এ ১৩৫০ বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটো তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে গেৰেজটোৰ স্বত্বাধীকাৰী নৱীন বৰুৱাই নিজেই টেংকাৰখনৰ টেংকিটোৰ ৱেল্ডিঙৰ কাম কৰি আছিল। তেনতে উক্ত গেৰেজতে কাম কৰি থকা আন এজন কৰ্মচাৰীয়ে নৱীন বৰুৱাক চাহ খাবলৈ লগ ধৰে। তেওঁ কামটো শেষ কৰি চাহ খাবলৈ যাম বুলি কৈছিল। কৰ্মচাৰীজন চাহ খাবলৈ ওলাই যোৱাৰ পাছতে টেংকাৰখন বিস্ফোৰণ হয়। বিস্ফোৰণত টেংকাৰখনৰ কাম কৰি থকা নৱীন বৰুৱাৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে। লগে লগে সমগ অঞ্চলটোত হুৱা দুৱা লাগে। টেংকাৰখনৰ বিস্ফোৰণতৰ তীব্ৰতা ইমানেই বেছি আছিল যে একেবাৰে কাষতে থকা মন্ত্ৰী অজন্তা নেওগৰ ঘৰৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে বহু কেইটা ঘৰ আৰু কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হয়। মন্ত্ৰী অজন্তা নেওগৰ ঘৰৰ সকলো দুৱাৰ খিৰিকীৰ আঈনা ভাঙি চুচুৰ্ম হয়। একেদৰে আন কেইবাটাও ঘৰৰ ক্ষতিসাধন হৈছে বিস্ফোৰণটোত।
জীৱন গগৈ,ঘিলাধাৰী