নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মহানুভৱতাঃ জটিল ৰোগত আক্ৰান্ত অঞ্জনালৈ সহায়ৰ হাত

নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ: ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ মহানুভৱতা। ৰাজনৈতিক কামত ব্যস্ত থকাৰ মাজতে কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী সুগায়িকা অঞ্জনাক দিলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এক লাখ টকাৰ এখন চেক। শুকুৰবাৰে সন্ধিয়া বেলতলাৰ লখিমী পথৰ পদপথত চাহ-পকৰীৰ এখন সৰু দোকানেৰে জীৱন যুদ্ধ চলাই যোৱা ৰোগাক্ৰান্ত অঞ্জনাক নিজে গৈ লগ ধৰি এই সহায়ৰ হাত আগবঢ়াই সাংসদগৰাকীয়ে।

আজি সাংসদগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এই বিষয়ে উল্লেখ কৰি লিখিছে-

                            “অঞ্জনাক লগ ধৰি আহিলোঁগৈ…

      এগৰাকী সাংবাদিকে সিদিনা হঠাতে ফোন কৰি কৈছিল, “বেলতলাৰ লখিমী পথৰ পদপথত এগৰাকী ভদ্ৰমহিলাই চাহ-পকৰীৰ এখন সৰু দোকান দিয়ে, তেখেত কৰ্কট ৰোগী,কিছু সহায়ৰ প্ৰয়োজন, তেখেত এগৰাকী কণ্ঠশিল্পীও । আপুনি বুজি পাব।”

        সাংবাদিকগৰাকীৰ পৰা নম্বৰটো লৈ অঞ্জনাক ফোন কৰিলোঁ। কথা পাতি তেওঁক ৰোগাক্ৰান্ত যেন নালাগিল। সপ্ৰতিভ, উচ্ছাসপূৰ্ণ আৰু সবল কথা-বাৰ্তা।কথা পাতি জানিব পাৰিলোঁ যে নামৰূপ সাৰ কাৰখানাৰ আৱাসিক এলেকাৰ এটি সাংস্কৃতিক পৰিয়ালত জন্মা অঞ্জনা কলা বিভাগ আৰু সংগীত উভয়তে স্নাতক।সন্ধ্যা মেননৰ পৰা পংকজ বৰদলৈলৈকে বহু জনপ্ৰিয় শিল্পীৰ সৈতে ফাংচনত গীত গাইছে, একুৰিতকৈ অধিক শ্ৰব্য কেছেটত সহ-শিল্পীৰূপে কণ্ঠদান কৰিছে।
স্কুলত শিক্ষকতা কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বেচ কিছুদিন চাকৰিও কৰিছিল।তাৰ মাজতে জীৱনলৈ হঠাতে নামি আহিল কাল ধুমুহা। অঞ্জনা বক্ষ-কৰ্কট ৰোগত আক্ৰান্ত হ’ল।চাকৰিৰ পৰা অব্যাহতি ল’লে।স্বামীৰো ব্যৱসায় ক্ৰমে অধোগামী হৈ আহিল।চিকিৎসালয় কৰ্তৃপক্ষ আৰু বন্ধুমহলৰ সহযোগত অস্ত্ৰোপচাৰ সুকলমে হৈ গ’ল। সকলো সাঁচতীয়া ধন ভাঙি আঠটাকৈ কেম’থেৰাপীও ল’লে। ক্ৰমে সুস্থ হৈ আহিল যদিও আৰ্থিকভাৱ পৰিয়ালটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিল। একমাত্ৰ সন্তানটোও মেত্ৰিকৰ দেওনা পাৰ হ’বৰ হ’ল। উপায়ন্তৰ নাপাই তেওঁ বেলতলাৰ পদপথতে এখন সৰু দোকান আৰম্ভ কৰিলে। ঘৰুৱা ৰন্ধন, পিছে বিক্ৰী তেনেই সীমিত।একেই সংগ্ৰাম চলি থাকিল… অসুখৰ সৈতে, অনাটনৰ সৈতে।

   আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা স্থানীয় বিধায়কসকলৰ জৰিয়তে জটিল ৰোগত আক্ৰান্তসকলক নিয়মানুসাৰে সদায়েই পাৰ্যমানে সহায় আগবঢ়োৱা হয়। সাধাৰণতে সকলো সময়তে তেখেতসকলক ব্যক্তিগতভাৱে লগ কৰাটো সম্ভৱ নহয়। নীতিগতভাৱে ইয়াৰ প্ৰচাৰ বা আলোচনাও নিষ্প্ৰয়োজন। পিছে অদম্য সাহসী জীৱনযোদ্ধাগৰাকীক লগ পাবৰ মন গ’ল। কালি সন্ধিয়া লখিমী পথৰ দোকানত তেওঁক লগ কৰি আহিলোঁগৈ।

       মানুহগৰাকীৰ অদম্য সাহস আৰু ইতিবাচক চিন্তাই মোক মৌন কৰি পেলালে। জেপৰ পৰা এখন চেক উলিয়াই তেওঁৰ হাতত তুলি দিলোঁ। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এক লাখ টকাৰ এখন চেক। তেওঁৰ কামত আহিব। নিৰৱচ্ছিন্ন হাঁহিটোত অকণমান চকুলো যোগ হোৱা যেন লাগিল।

You might also like