নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী আঁচনিৰ সুফলতাত থানবান বিৰোধী : মন্ত্ৰী অশোক সিংহল

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ বাবে হিলদল ভাঙি ৰাইজ ওলাই আহিছে বিজেপিক সমৰ্থন কৰিবলৈ। ২০২৪ৰ লোকসভা নিৰ্বাচনটোত গ’লপোষ্টত গলৰক্ষক নোহোৱা হৈছে। এই নিৰ্বাচনটো বিৰোধীবিহীন নিৰ্বাচন।” কালি কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ছয়খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী অশোক সিংহলে এই মন্তব্য কৰে। চৰকাৰৰ আঁচনিবোৰৰ সুফল ৰাইজে লাভ কৰাত বিৰোধী এতিয়া থানবান হৈ পৰিছে । দুৰ্নীতি-ভ্ৰষ্টচাৰৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে এতিয়া লাখ-লাখ নিবনুৱা যুৱক-যুৱতী চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। বৰাগোগৰ বাসুদেৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত নিৰ্বাচনী সভাত দৰঙ-ওদালগুৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী অশোক সিংহলে । ২৬ এপ্ৰিলত সকলোকে দিলীপ শইকীয়াক বহুমূলীয়া ভোটটো দিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। দিলীপ শইকীয়াই এইবাৰ নিৰ্বাচনত ৩ লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়যুক্ত হব বুলিও কয় মন্ত্ৰী সিংহলে। ৰাইজৰ উপস্থিতি দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। মঞ্চতে আনকি সমৰ্থকৰ সৈতে এপাক নাচিলে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক দিগন্ত কলিতাই।

প্ৰেৰক দীপক দাস

You might also like