নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAAৰ জৰিয়তে অসমত সংস্থাপিত কৰিব অৰুণাচলৰ হাজং-চাকমা লোকক

বিশেষ বাৰ্তা, ২৩ এপ্ৰিল : “কা” (নাগৰিকত্ব সংশোধনী আইন)ৰ যোগেদি অসমলৈ হিন্দু বাংলাদেশী অহাক লৈ বিভিন্ন প্ৰতিবাদ আৰু আলোচনা তথা যুক্তি-তৰ্ক বিভিন্ন মহলত চলি থকা অৱস্থাতেই কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এখন সংবাদ মেলত এই সন্দৰ্ভত এটা স্পৰ্শকাতৰ বিষয় জানিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ মতে “কা”ৰ অধীনত অসমত সংস্থাপিত কৰিব হাজং-চাকমা লোকসকলক। সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে অৰুণাচল প্ৰদেশত থকা প্ৰতিজন হাজং-চাকমা লোকক অসমত স্থায়ীভাৱে সংস্থাপন কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম চৰকাৰক নিৰ্দেশ দিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতো এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হৈছে। সদৌ তাই আহোম ছাত্র সন্থাৰ স্পষ্ট কথা যে অসমখন বহিৰাগত লোকৰ চৰণীয়া পথাৰ নহয় আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰো ব্যক্তিগত সম্পত্তি নহয় যে বহিৰাগত লোকক সংস্থাপন কৰিবৰ বাবে কেৱল ড০ হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে কৈ দিলেই হব। এইখন অসম খিলঞ্জীয়া অসমীয়াৰ হয়, ইয়াত কিবা স্পৰ্শকাতৰ সিদ্ধান্ত লব লগা হলে অসমবাসীয়ে লব। কিৰেণ ৰিজিজুক আমি আটাছুৱে কঠোৰ ভাষাৰে সকীয়নি দিছো যে আপুনি অৰুণাচল প্ৰদেশৰ বাসিন্দা হয়। গতিকে নিজৰ প্ৰদেশৰ সন্দৰ্ভত যি সিদ্ধান্ত লবলগীয়া আছে লৈ থাকক। কিন্তু অসমৰ সন্দৰ্ভত মাত মাতিবলৈ মৰসাহ নকৰিব। অসমীয়াত এষাৰ কথা আছে যে “নগাৰ চাংতলে বাট” । অৰ্থাৎ অসমখন নবগোৱাকৈ অৰুণাচলৰ লোকে কেনিও যোৱাৰ কথা ভবাৰ থল নাই। যদি বেছিকৈ আমাৰ অসমৰ আভ্যন্তৰীণ বিষয়বোৰত সোমাবলৈ চেষ্টা কৰা দেখোঁ তেন্তে ৰাজপথৰ প্ৰতিবাদৰ দ্বাৰা আপোনালোকৰ অহা-যোৱা বাট আমি বন্ধ কৰিবলৈ কুণ্ঠাবোধ নকৰিম। আনহাতে অসমখন নিজৰ ব্যক্তিগত সম্পত্তি বুলি ভাবি দিল্লীৰ প্ৰিয়পাত্ৰ হবলৈ তথা গুড বুকত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ অবৈধ বাংলাদেশী আৰু বহিৰাগত লোকক ইয়াত সংস্থাপন কৰিবলৈ আৰু নিজকে অসমৰ উঠিৰজা-বহিৰজা সজাই যি মন যায় তাকেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যত্ন কৰিলে কথা ভাল নহব। ইয়াৰ প্ৰত্যুত্তৰ ৰাজপথৰ শেষ পৰ্যায়ৰ আন্দোলনৰ দ্বাৰা দিয়া হব। মুখ্যমন্ত্ৰীয়ে জানি থোৱা ভাল যে অসমৰ ৰাইজে অসম আন্দোলন আৰু “কা”ৰ প্ৰথম পৰ্যায়ৰ আন্দোলন পুনৰ কৰিবলৈ সদা প্ৰস্তুত হৈ আছে। গতিকে সময় থাকোতেই নিজৰ স্থিতি স্পষ্ট কৰি কিৰেণ ৰিজিজুৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰি অসমীয়া হৈ দেখুৱাওক আৰু যদি দিল্লীৰ ভয়ত তাকে কৰিব নোৱাৰে অসমত থকা হাজাৰ হাজাৰ ভূমিহীন লোকৰ বাবে ভূমিৰ ব্যৱস্থা কৰি দিল্লীৰ বিৰুদ্ধে আমি অসমৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে কৰি থকা প্ৰতিবাদত পূৰ্ণ সহযোগ কৰক। অসমবাসীয়ে অনাদি অনন্তকাললৈকে তেখেতৰ মুখ্যমন্ত্ৰী আসনখন সুৰক্ষিত কৰি ৰাখিব বুলি প্ৰেছ বিবৃত্তিটোত উল্লেখ কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই, কায্যকৰী সভাপতি দেৱজিত গগৈ, যুটীয়া সম্পাদক ভাস্কৰ বৰগোঁহায়ে।

প্ৰেৰক বিবেক বড়া

You might also like