তিনিচুকীয়াৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত অঘটন, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰ
নিয়মীয়া বাৰ্তা, ১৫ মার্চ: তিনিচুকীয়াৰ বৰগুৰিত অৱস্থিত চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি সংঘটিত হয় এক অঘটন ৷ ঘটনাৰ বিৱৰণি অনুসৰি ফিটাৰ বিভাগত অধ্যয়নৰত ছাত্ৰই কোঠাৰ ভিতৰত এটা বৈদ্যুতিক ট্ৰেঞ্চপমাৰত প্ৰেকটিকেল ক্লাছ কৰি থকাৰ সময়তে হঠাৎ বিস্ফোৰিত হৈ অনুপম বৰা নামৰ এজন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নৰকান্ত দাস নামৰ প্ৰশিক্ষকগৰাকীও আঘাতপ্ৰাপ্ত হয় ৷ বিস্ফোৰণটো ইমানে ভয়ানক যে ছাত্ৰজন কিছুদূৰত চিটিকি পৰেগৈ। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক আৰু প্ৰশিক্ষকগৰাকীক চিকিৎসাৰ কাৰণে ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ ছাত্ৰ আৰু প্ৰশিক্ষকৰ এটা দলে লৈ যায় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অনুপম বৰাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ছাত্ৰজনৰ দুয়োখন হাত অগ্নিদগ্ধ হোৱাৰ লগতে ভৰি আৰু মুখটো যথেষ্ট আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ ঘৰ ধেমাজীত বুলি জানিব পৰা গৈছে ৷ ইফালে, আঘাতপ্ৰাপ্ত প্ৰশিক্ষক নৰকান্ত দাস বৈদ্যুতিক বিভাগৰ এগৰাকী যথেষ্ট অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষক ৷ তেখেতৰ মূৰৰ চুলি জ্বলি যোৱাৰ লগতে হাত আৰু ভৰিত কিছু আঘাত পায় যদিও নিজৰ সুবিধাৰ্থে চিকিৎসালয়ৰ পৰা ঘৰলৈ গুচি যায় ৷
উল্লেখযোগ্য যে, কেনেকৈ আৰু কি কাৰণে এগৰাকী ছাত্ৰই অধ্যয়ন কৰিবলৈ গৈ এনেদৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ঘটনাৰ মূল কাৰণ।
প্ৰেৰক:-বিবেক বড়া