নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত হোটেলত চুৰি কৰিবলৈ আহি অমলেট খাই থাকোঁতেই আৰক্ষীৰ জালত চোৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : তিতাবৰ মহকুমাৰ নগাবাটৰ দোকানে দোকানে মাজনিশা তলা ভাঙি লুটপাত চলোৱা এটা চোৰক যোৱানিশা আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়। তথ্য অনুসৰি যোৱানিশা প্ৰায় ১ বজাত নগাবাট খ্ৰীষ্টান গাঁৱৰ ইলিছা হাও নামৰ এজন ১৭ বছৰীয়া যুৱকে নগাবাট চাৰিআলিৰ এখন সৰু হোটেলত প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী চুৰি কৰিছিল। হাস্যকৰ কথা যে চোৰটোৱে হোটেলখনত গেছ জ্বলাই কণী বইল আৰু অমলেত কৰি খোৱাৰ সময়তে নৈশ টহলত থকা পানীখেতি আৰক্ষীয়ে হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশাটো পানীখেতি আৰক্ষী চকীত ৰাখি আজি পুৱা চোৰটোক আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে নিশা হ’লেই নগাবাট চাৰিআলিত কিছুদিনৰ পৰা একাংশ সুৰামত্ত যুৱকৰ উদ্ভাণ্ডালি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৭ নৱেম্বৰৰ নিশা নগাবাটৰ ৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চাফাই অভিযান চলোৱা কাৰ্যই এলেকাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমটো সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল। ইয়াৰ পাছতে পানীখেতি আৰক্ষীয়ে এনেদৰে এটা চোৰক হাতেলোটে জালত পেলাবলৈ সক্ষম হয়। উল্লেখ্য যে নগাবাট চাৰিআলিত নিশা সুৰাৰ নিছাত মাতাল হৈ উপদ্ৰৱ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ পানীখেতি আৰক্ষীক সচেতন ৰাইজে দাবী জনাইছে।

প্ৰেৰক অজয় শইকীয়া

You might also like