নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ দখলত দেউৰী স্বায়ত্তশাসিত পৰিষদ : ধূলিসাৎ কংগ্রেছ : জেপিপিৰ হাতত ৭ আসন

বিশেষ বাৰ্তা, ১০ নৱেম্বৰঃ বিজেপিৰ দখললৈ দেউৰী স্বায়ত্ত পৰিষদ৷ আজি ফলাফল ঘোষণাৰ অন্তত পৰিষদৰ ২২টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিজেপি মিত্রজোঁটে ১২খন আসন লাভ কৰি পৰিষদখন নিজৰ দখললৈ আনে৷ আনহাতে আজি দেউৰী স্বায়ত্ত পৰিষদৰ নির্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ ডেৰটা বছৰৰ ভিতৰত অনুষ্ঠিত মুঠ ১০টাকৈ নির্বাচনত প্রধান বিৰোধী দল কংগ্রেছ একেলেথাৰিয়ে পৰাজিত হ’ল৷ স্বায়ত্ত পৰিষদখনৰ নির্বাচনী ফলাফল অনুসৰি বিজেপিয়ে ১১, মিত্র দল অগপই এখন, কংগ্রেছে দুখন, জিমছায়া পিপলছ পার্টী (জেপিপি)–এ সাতখন আৰু নির্দলীয়ই এখন আসন লাভ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ গৃহ জিলা লখিমপুৰত দেউৰী স্বায়ত্ত পৰিষদৰ মুঠ সাতটা সমষ্টি আছে৷ কিন্তু আজিৰ ফলাফলত প্রধান বিৰোধী দল কংগ্রেছে লখিমপুৰৰ এটাও সমষ্টিত বিজয়ৰ মুখ দেখিবলৈ সক্ষম নহ’ল৷ কার্যতঃ এই নির্বাচনতো ৰাজ্যখনৰ প্রধান বিৰোধী দল কংগ্রেছ ধূলিসাৎ হৈ গ’ল৷ সেইদৰে দেউৰী জনগোষ্ঠীৰ স্থানীয় আঞ্চলিক দল জিমছায়া পিপলছ পার্টী (জেপিপি)–এ সাতখন আসনত জয়লাভ কৰিছে যদিও দলটোৰ সভাপতি মহেশ দেউৰী এই নির্বাচনত বিপর্যস্ত হয়৷

You might also like