নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাবত “গণিতৰ যাদু গণিতৰ সাধু” আৰু “জীৱন অনুৰূপে” গ্ৰন্থ উন্মোচন

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : মানুহক কামেৰেহে জোখা যায়, বয়সেৰে নহয়। এই কথা চিৰন্তন। এনে এক আদৰ্শৰ অধিকাৰী হ’ল পৰেশ বৈশ্য। তেওঁ পৰেশ বৈশ্য ফাউণ্ডেচনৰ জৰিয়তে যি সমাজ হিতকৰ কাম কৰি আছে সেয়া সঁচাই আদৰণীয়।আজি গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষা- সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিবৰ্তনৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচনে উদযাপন কৰা পঞ্চদশ সংখ্যক শিক্ষা- সাংবাদিকতাৰ দিনত সন্মানিত অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ ড. দীনেশ বৈশ্য ই এইদৰে কয়। তেওঁ আৰু কয় যে পৰেশ বৈশ্য ফাউণ্ডেচনে অসমৰ চুকে কোণে থকা প্ৰতিভাধৰসকলক বিচাৰি আনি সন্মানিত কৰাটোও প্ৰশংসনীয় কাম।উল্লেখযোগ্য যে ২০০৮ চনৰ পৰাই পৰেশ বৈশ্য ফাউণ্ডেচনে নিৰবিচ্ছিন্নভাৱে এই দিৱসটো উদযাপন কৰি আহিছে। অনুষ্ঠানত সন্মানিত অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ ক্ৰমে ড.দয়ানন্দ পাঠক আৰু ড.ভূপেন্দ্ৰ ৰায়চৌধুৰী আৰু কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই বিগত ১৫ বছৰ ধৰি পৰেশ বৈশ্য ফাউণ্ডেচনে শিক্ষাৰ উত্তৰণৰ হকে আগবঢ়াই অহা নিস্বাৰ্থ সেৱাৰ শলাগ লয়। শিশু শিল্পী হিমাঘ্না বৈশ্যৰ ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত পৰেশ বৈশ্য ফাউণ্ডেচনৰ ২০২২ বৰ্ষৰ বিভিন্ন বঁটা -সন্মান প্ৰদান কৰা হয়। সেই অনুসৰি লখিমপুৰ জিলাৰ পিঠাগুৰিস্থিত জৱহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰি ভাগৱতীক শ্ৰেষ্ঠ অধ্যক্ষ বঁটা, মৰিগাঁও জিলাৰ চৰাইবাহীৰ শংকৰদেৱ বিদ্যা নিকেতনক শ্ৰেষ্ঠ বিদ্যালয় বঁটা আৰু বঙাইগাঁৱৰ সমীৰ কুমাৰ সূত্ৰধৰক ‘তথ্যবন্ধু’ সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়, ছিপাঝাৰৰ বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয় আৰু ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ক শ্ৰেষ্ঠ প্ৰাথমিক বিদ্যালয় বঁটা প্ৰদান কৰা হয় ৷ বঁটাত ফুলাম গামোচা, মানপত্ৰ, ট্ৰফী,কিতাপৰ টোপোলা আৰু অৰিহণাসূচক নগদ ধন দিয়া হয়।এই সভাতেই বাক্সা জিলাৰ ৰংফালি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰুণ দাস আৰু বৰপেটাৰোডৰ বিশিষ্ট সাহিত্য কৰ্মী মাণিক লাল ভৌমিকক ন্যাসৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদীপ কলিতাক উদগণিমূলক চাৰ্টিফিকেট অফ এপ্ৰিচিয়েছন প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।এই অনুষ্ঠানতেই ডাকযোগে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। সমাজকৰ্মী ৰবীন পাঠকে আঁত ধৰা উক্ত অনুষ্ঠানত লেখক- সাংবাদিক , শিক্ষাবিদ পৰেশ বৈশ্যৰ আত্মকথাৰ প্ৰথম খণ্ড “জীৱন অনুৰূপে” ৰ উপৰিও তেওঁ শিশুসকলৰ মাজত গণিতক জনপ্ৰিয় কৰিবলৈ প্ৰণয়ন কৰা “গণিতৰ যাদু গণিতৰ সাধু” নামৰ আন আন এখনি শিশু গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত পৰেশ বৈশ্যৰ “ভাল শিক্ষক ভাল বিদ্যালয় ” নামৰ গ্ৰন্থখনৰ আনন্দ ৰাম ওৱাৰীয়ে কৰা বড়ো অনুবাদৰ সংস্কৰণটোও আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। সভাত ভাষণ দি পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্য ই কয় যে আগন্তুক দিনত পূৰ্বতকৈ অধিক বৌদ্ধিক আৰু সামাজিক কাৰ্যসূচীৰে ন্যাসে আগবাঢ়ি যোৱাৰ পৰিকল্পনা হাতত লৈছে। সভাত লখিমপুৰ জিলাৰ পিঠাগুৰিস্থিত জৱহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰি ভাগৱতী প্ৰমুখ্যে কেবাজনো বক্তাই ভাষণ দি পৰেশ বৈশ্য ফাউণ্ডেচনৰ প্ৰয়াসৰ শলাগ লয়। সামৰণিত শলাগৰ শৰাই আগবঢ়ায় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্য ই।

প্ৰেৰক দিলীপ মেধি

You might also like