নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খঁকুৱা কৰ্মচাৰী : হাত দাঙিলে হাজোৰ লাটমণ্ডল উৎপল কেম্প্ৰায়ে

নিয়মীয়া বাৰ্তা, ২৬ মেঃ অব্যাহত আছে চৰকাৰী দৰমহাৰে পেট নভৰা উপঢৌকন লোৱা খঁকুৱা কৰ্মচাৰীৰ হাচ দঙা পৰ্ব। এইবাৰ হাত দাঙিলে হাজো ৰাজহ চক্ৰ কাৰ্যালয়ত লাট মণ্ডল উৎপল কেম্প্ৰায়ে। মাত্ৰ ২০০০ টকা ভেঁটী লওঁতেই হাতে-লোটে ধৰে চি এম ভিজিলেঞ্চে। ব্যাপক দূৰ্নীতি-অনিয়মৰ আশ্ৰয় লৈ হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি একাংশ লাট মণ্ডলে লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়ত কিছুদিন পূৰ্বে উৎকোচ লৈ এজন লাট মণ্ডল আটক হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতে আজি পুনৰ দূৰ্নীতি নিৱাৰক শাখাই অতৰ্কিতে অভিযান চলাই হাতে-লোতে আটক কৰে অন্য এজন লাট মণ্ডলক। উৎকোচ লৈ হাতে-লোতে ধৰা পৰা মণ্ডল গৰাকী হৈছে ৰাজহ চক্ৰটোৰ অন্তৰ্গত বাগটা লাটৰ লাট মণ্ডল উৎপল কেম্প্ৰাই। জানিব পৰা মতে, বাগটা গাঁৱৰ জনৈক দাস উপাধিৰ লোকজনে তেওঁৰ পৈতৃক ভূমি নিজৰ নামত নামজাৰি কৰিবলৈ যোজা চলাইছিল। সেই অনুসৰি, জনৈক দাস উপাধিৰ লোকজনে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ আহি ভূমিৰ নামজাৰিৰ বাবে আবেদন কৰে। আবেদনৰ ভিত্তিত লাট মণ্ডল উৎপল কেম্প্ৰাই কামখিনি কৰি দিয়াৰ বাবদ এক বুজন পৰিমানৰ ধন দাবী কৰে। সেই সূত্ৰে আবেদনকাৰীয়ে ভূমি নামজাৰিৰ নামত লাট মণ্ডল উৎপল কেম্প্ৰাইক আজি নগদ আঠ হাজাৰ টকা আদায় দিয়ে। তেনে সময়তে ৰাজহ চক্ৰ কাৰ্যালয়ত দূৰ্নীতি নিৱাৰক শাখাৰ এটি দল উপস্থিত হৈ উৎকোচ লোৱা মূহুৰ্ততে হাতে-লোতে বাগটা লাটৰ লাট মণ্ডল উৎপল কেম্প্ৰাইক আটক কৰে। উল্লেখ্য যে মণ্ডল উৎপল কেম্প্ৰাইয়ে দীৰ্ঘদিন ধৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ নহলে কাম নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

প্ৰেৰক শ্বাহজাহান ইছলাম

You might also like