নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত দ্বিতীয় কোৱালিফায়াৰত ৰোহিত–হার্দিকৰ যুঁজ

বিশেষ বাৰ্তা, ২৬ মেঃ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ মেচ৷ এই হাইভ’ল্টেজ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ বিপক্ষে৷  মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছকে ফেভাৰিট আখ্যা দিয়া হৈছে৷ কোৱালিফায়াৰ মেচৰ পূর্বে আত্মবিশ্বাস তুংগত আছে ৰোহিত বাহিনীৰ৷ বুধবাৰে হৈ যোৱা এলিমিনেটৰ মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত কৰি আত্মবিশ্বাস বৃদ্ধি পোৱা ৰোহিত বাহিনীয়ে  মেচখনত আশানুৰূপ প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আত্মবিশ্বাসী৷ অৱশ্যে নিজৰ প্রদর্শনক লৈ চিন্তিত হৈ পৰিছে মুম্বাই দলটোৰ অধিনায়ক ৰোহিত শর্মা৷  ইফালে, সম্প্রতি দুর্দান্ত ফর্মত থকা গুজৰাট টাইটানছৰ তাৰকা বেটাৰ গিলক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে মুম্বায়ে৷

You might also like