নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত আৰম্ভ পোষ্টেল বেলটযোগে ভোটদান প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তর্গত বজালী নির্বাচনী জিলাৰ লগতে ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পোষ্টেল বেলটৰ বাবে প্ৰাপ্ত আবেদনৰ ভিত্তিত অনুমোদিত তালিকাখন ক্রমে ২৫ এপ্ৰিলত প্ৰকাশ পোৱাৰ লগতে অহা ৩০ এপ্রিলত প্রকাশ পাব। সেই অনুসৰি তালিকাভুক্ত বিষয়া-কর্মচাৰীয়ে আজি অৰ্থাৎ ২৬ এপ্রিলৰ পৰা ৬ মে’ৰ ভিতৰত বজালী জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ভোটদান কৰিব পাৰিব। আনহাতে জৰুৰীকালীন সেৱাত জড়িত বিষয়া-কৰ্মচাৰীৰ ভোটদানৰ ব্যৱস্থা ক্ৰমে অহা ২, ৩, আৰু ৪ মে’ত বজালী জিলাৰ জিলা আযুক্ত কাৰ্যালয়ত কৰা হৈছে। আৰক্ষীৰ ভোটদানৰ ব্যৱস্থা ইতিমধ্যে ১৬ এপ্রিলৰ পৰা আৰম্ভ হৈ ৩ মে’ৰ ভিতৰত পুলিচ ৰিজাৰ্ভত কৰা হৈছে৷ ইয়াৰোপৰি বজালী নির্বাচনী জিলাৰ ৮৫ বছৰ বয়সৰ ঊর্ধ্বৰ ১০৭ গৰাকী আৰু বিশেষভাৱে সক্ষম ২৬ গৰাকী লোকৰ Home Voting ৰ ব্যৱস্থা প্ৰথম পৰ্যায়ত অহা ২৭ এপ্রিলৰ পৰা ৩০ এপ্রিলৰ ভিতৰত কৰা হৈছে বুলি বজালীৰ নিৰ্বাচনী বিষয়া গৌৰৱ শেখৰ দাসে জানিবলৈ দিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like