প্ৰসংগঃ অইলৰ পৰীক্ষা এইচএমভি অপাৰেটৰৰ চাকৰি বিক্রী ১৬ লাখত
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ যোৱা ১৫ নৱেম্বৰত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত অইল ইণ্ডিয়াৰ এইচ এম ভি অপাৰেটৰ পদৰ লিখিত প্রশ্নকাকতসহ অ’ এম আৰ শ্বীট প্রকাশ পোৱাৰ পিছত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ পৰীক্ষা চলি থকাৰ সময়তে অ’ এম আৰ শ্বীট বাহিৰত প্রকাশ পোৱা বুলি অভিযোগ কৰিছে পৰীক্ষার্থীসকলে৷
স্মর্তব্য যে অইলৰ এইচ এম ভি অপাৰেটৰৰ ৩৬টা খালী পদৰ বিপৰীতে ৯৫০জন প্রার্থী পৰীক্ষাত অৱতীর্ণ হৈছিল৷ দুর্নীতিৰ অভিযোগ তুলি একাংশ পৰীক্ষার্থীয়ে পুৱাৰে পৰা দুলীয়াজানস্থিত অইলৰ মুখ্য কার্যালয়ৰ প্রৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰে৷ প্রতিবাদী পৰীক্ষার্থীসকলে পৰীক্ষা বাতিল কৰি স্বচ্ছ আৰু নিকাভাৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷ ইয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ তেওঁলোকে দাবী জনায়৷
লগতে পঢ়কঃ আপুনিও চিনি পায় এওঁক… কিন্তু চিনিব নোৱৰাকৈ ডাঙৰ হ’ল মৰমলগা বলীউডৰ শিশুটি
আনহাতে, একাংশ পৰীক্ষার্থীয়ে দাবী কৰা মতে ১৬ লাখ টকাত বিক্রী হৈছে এইচ এম ভি অপাৰেটৰৰ প্রতিটো পদ৷ উল্লেখ্য যে পৰীক্ষা চলি থকাৰ অৱস্থাতে একাংশ প্রার্থীৰ ম’বাইলত প্রশ্ন কাকতসহ অ’ এম আৰ শ্বীট ফাদিল হৈছিল৷ প্রার্থীসকলে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ একাংশ পৰীক্ষা নিৰীক্ষকৰ ৰহস্যজনক ভূমিকা সন্দর্ভতো প্রশ্ন উত্থাপন কৰিছে৷
আনহাতে, চাকৰি প্রার্থীৰ এই অভিযোগৰ বিপৰীতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অইলৰ এইচ এম ভি অপাৰেটৰৰ লিখিত পৰীক্ষাত কোনোধৰণৰ বিসংগতি হোৱা নাই বুলি দাবী কৰা হৈছে৷ কর্তৃপক্ষই জানিবলৈ দিছে যে এইপর্যন্ত কোনো প্রার্থীয়ে প্রমাণসহ অভিযোগ বিশ্ববিদ্যালয়খনক দাখিল কৰা নাই৷ পৰীক্ষা বেয়া হোৱা প্রার্থীসকলেহে উদ্দেশ্যপ্রণোদিতভাৱে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ বিচৰা বুলি অভিযোগ কৰে বিশ্ববিদ্যালয়ৰ এগৰাকী কর্তৃত্বশীল ব্যক্তিয়ে৷ ঘটনা সন্দর্ভত ইতিমধ্যে ডিব্রুগড় বিশ্ববিদ্যালয়ে অইল ইণ্ডিয়া লিমিটেডলৈ এখন ষ্টেটমেণ্ট প্রেৰণ কৰাৰ উপৰি এখন আভ্যন্তৰীণ কমিটী গঠন কৰা বুলি জানিব পৰা গৈছে৷
ইফালে, অইলৰ লিখিত পৰীক্ষাৰ বিসংগতিৰ সন্দর্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰে ছাত্র মুক্তি সংগ্রাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চসহ সদৌ অসম ছাত্র সন্থাই৷