নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত পুনৰ দুজনৰ মৃত্যু, ২৪২ আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৰাজ্যত ক’ৰোনাৰ আক্রান্তৰ নিম্নগামী হাৰ অব্যাহত আছে৷ মঙলবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২৪২গৰাকী লোক৷ এক টুইটযোগে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত ২৪ ঘণ্টাত মুঠ ২৪,৬৩৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷

আক্রান্তৰ হাৰ হৈছে ০.৯৮ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত ৬৬গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে, কালি সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি লাভ কৰিছে ৩৫৭গৰাকী ৰোগীয়ে৷ মঙলবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে দুগৰাকী লোকে৷ তেওঁলোক হৈছে তিনিচুকীয়াৰ লিলিমা দত্ত (৬৪) আৰু গোৱালপাৰাৰ চিত্রৰঞ্জন সৰকাৰ (৭৭)৷

ইয়াৰ লগে লগে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬৬গৰাকীলৈ বৃদ্ধি পালে৷ ৰাজ্যত মুঠ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা হৈছে ২,১০,৬৯৬গৰাকী৷ সুস্থ হোৱা মুঠ লোকৰ সংখ্যা হৈছে ২,০৬,৩৯৮গৰাকী৷ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩,৩২৯গৰাকী ৰোগী৷ ৰাজ্যত ক’ৰোনাত সুস্থতাৰ হাৰ হৈছে ৯৭.৯৬ শতাংশ৷

You might also like