নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বিধায়কে কৰিব নোৱাৰা কাম কৰিলে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: ৰাইজৰ প্ৰবল প্ৰতিবাদতো গা লৰা নাছিল জন প্ৰতিনিধিৰ লগতে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ ৷ কিন্তু ৰাইজৰ প্ৰৱল দাবী আৰু ধাৰাবাহিক আন্দোলনৰ পিছত আগুৱাই আহিল এজন আৰক্ষী বিষয়া ৷ আৰক্ষী বিষয়াই মেৰামতি কৰিছে বিধ্বস্থ পথচোৱা৷ বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ চলিছিল হোজাইৰ যমুনামুখত ৷ ডবকা যমুনামুখ সংযোগী বাট পথৰ দুৰৱস্থাই অতিষ্ট কৰি তুলিছে সমষ্টিবাসীক ৷ বিশেষকৈ ডবকা যমুনামুখ সংযোগী পথটোৰ বিধ্বস্ত ৰূপে জলা কলা খুৱাইছে অঞ্চলবাসীক ৷ কিন্তু বাৰম্বাৰ দাবী জনোৱাৰ পাছতো পথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰা নাই জন প্ৰতিনিধিয়ে ৷ অৱশেষত পথটোৰ কিছু অংশ মেৰামতি কৰিবলৈ আগুৱাই আহিল যমুনামুখ থানাৰ অ চি বিজয় কৃঞ্চ দাস আৰু এ এছ আই শ্বফিকুল ইছলামে ৷ দুই আৰক্ষী বিষয়়াই নিজে উপস্থিত থাকি হাতে কামে মেৰামতি কৰে ৰাস্তা৷আৰক্ষী বিষয়াৰ পদক্ষেপৰ পিচতে বিভিন্ন জনে টেক্টৰ, ডাম্পাৰেৰে মাটি পেলাই ৰাস্তাটো যাতায়াতৰ বাবে সুচল কৰি তুলে যদিও পৰ্যাপ্ত নহয়৷ বিধায়ক আৰু সাংসদে গুৰুত্বসহকাৰে লৈ গড়কপ্তানী ৰাস্তাটো মেৰামতিৰ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পুৰন কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷
You might also like