নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি কেকুঁৰি কঠালগুৰিত চাৰিটা কণ্টেইনাৰ সহ দুই ড্ৰাগছ আসক্ত যুৱকক আটক

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত কেকুঁৰি কঠালগুৰি গাওঁৰ যুৱ সংঘ আৰু স্বানীয় ৰাইজে গাঁৱৰে দুজন ড্ৰাগছ আসক্ত যুৱকক আজি চাৰিটা কণ্টেইনাৰ সহ আটক কৰি আৰক্ষীক চমজি দিয়া ঘটনাই অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ এখন ৰমৰমীয়া ব্যৱসায় চলি থকাৰ কথাকেই পুণৰ প্ৰতিয়মান কৰিলে ৷ প্ৰাপ্ত তথ্য মতে আজি বিয়লি কেকুঁৰি কঠালগুৰি গাঁৱৰ  নব দ্বিপ মিলিৰ পুত্ৰ ৰাহুল মিলি আৰু ৰমেন পেগুৰ পুত্ৰ  জ্যোতি পেগুক দাংধৰা নদীৰ পাৰত ড্ৰাগছ সেৱন কৰি থকাৰ বিষয়ে জানিব পাৰি কেকুঁৰি কঠালগুৰি যুৱ সংঘই চাৰিটা কণ্টেইনাৰ সহ দুয়োকে আবদ্ধ কৰি ৰাখি পৰৱৰ্তী সময়ত সোণাৰি চাপৰি আৰক্ষীক খবৰ দিয়াত সোণাৰি চাপৰি আৰু ঢকুৱাখনাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে আটক কৰে ৷ উঠি অহাৰ প্ৰজন্মক ধ্বংসৰ গৰাসলৈ ঠেলি দিয়া মৰাত্মক ড্ৰাগছ নিৰ্মূলৰো দাবী জনাইছে স্বানীয় ৰাইজৰ লগতে সমগ্ৰ অঞ্চল বাসীয়ে ৷

 

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like