নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোট দিলেই পাঁচ হাজাৰ টকা জৰিমনা

নির্বাচনত জয়ী হৈ প্রতিশ্রুতি পাহৰা নেতাৰ ধাৰাবাহিক বঞ্চনাত ক্ষুব্ধ কামপুৰৰ মনোহৰ গাঁৱত বিপৰীত সিদ্ধান্ত গঞাৰঃ ৰাজনৈতিক ব্যক্তিৰ প্রৱেশ কৰিলে নিষিদ্ধ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তর্গত কামপুৰৰ মনোহৰ গাঁৱৰ ৰাইজে অঞ্চলটোত কোনো দলৰে ৰাজনৈতিক নেতা তথা প্রার্থীৰ প্রৱেশ নিষিদ্ধ কৰাৰ লগতে বিধানসভাৰ নির্বাচনত ভোটবর্জনৰ হুংকাৰ দিছে৷ সমষ্টিটোত ৩৫ বছৰে জনপ্রতিনিধি হৈ থকা প্রফুল্ল কুমাৰ মহন্তৰ লগতে অন্যান্য ৰাজনৈতিক নেতা–পালিনেতা অঞ্চলটোত নির্বাচনৰ সময়ত বিভিন্ন সমস্যা সমাধান কৰাৰ প্রতিশ্রুতি দি আহিছে যদিও মূৰকত ৰাইজলৈ পিঠি দি প্রতাৰণা কৰাৰ বাবে ৰাইজে এই সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বহুবাৰ জনপ্রতিনিধিসকলক্ গাঁওখনৰ গুৰুত্বপূর্ণ পথছোৱা নির্মাণ কৰা, চিকিৎসা সুব্যৱস্থা কৰা, শিক্ষা উন্নয়ন কৰাকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ দাবী জনাই আহিছে৷

বিশেষকৈ পথৰ দুৰৱস্থাৰ বাবে গাঁওখনত এম্বুলেঞ্চ সোমাব নোৱাৰাত ৰোগীসকলক সাঙীত তুলি চিকিৎসালয়লৈ নিবলগীয়া হোৱাৰ উপৰি বাৰিষাকালত স্কুলীয়া ছাত্র–ছাত্রীয়ে যাতায়াতৰ ক্ষেত্রত চৰম যাতনা ভুগি থাকিবলগীয়া হৈছে৷ সেয়ে আজি মনোহৰ গাঁৱৰ ৰাইজ একত্রিত হৈ অঞ্চলটোৰ উন্নয়নৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী ৰাইজে প্রতিশ্রুতি আমি নামানো, ৰাস্তা পকী কৰি দিয়ক, উন্নয়ন আমাক লাগিবই আদি প্রতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদী ৰাইজে প্রতিবাদস্থলীতে গাঁওখনৰ পথ পকী নকৰা পর্যন্ত ভোটবর্জন ৰাজনৈতিক নেতাৰ প্রৱেশ নিষিদ্ধ কৰাৰ সংকল্প গ্রহণ কৰে৷ কোনো লোকে নির্বাচনত ভোট প্রদান কৰিলে পাঁচ হাজাৰ টকা জৰিমনা ভৰিব লাগিব বুলি জানিব পৰা গৈছে৷ ইফালে মনোহৰ গাঁৱৰ ৰাইজে গাঁওখনলৈ প্রৱেশ কৰাৰ পথত ৰাজনৈতিক নেতাৰ প্রৱেশ নিষিদ্ধ কৰি বেনাৰ পর্যন্ত আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে৷ নির্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত কোনটো ৰাজনৈতিক দলৰ প্রার্থীয়ে মনোহৰ গাঁৱৰ ৰাইজৰ এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ সৈতে মোকাবিলা কৰিব পাৰিব নির্বাচনী বতৰত ই লক্ষণীয় হ’ব৷

You might also like