নগৰবেৰাত অবৈধ ইটাভাতাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ : কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষী আৰু বন বিভাগৰ সহযোগত আজি অবৈধ বাংলা ইটাৰ বিৰুদ্ধে ব্যাপক অভিযান চলে। জামলাই পথাৰত চৰকাৰী মাটিত একাংশই বে-আইনীভাৱে ইটাৰ ব্যৱসায়ত হাত দি অবৈধ খনন কৰা প্ৰত্যক্ষ কৰি ৰাজহ চক্ৰ বিষয়াই এই উচ্ছেদ অভিযান চলায়। দুখনকৈ জেচিবি লগাই এমূৰৰ পৰা জামলাই পথাৰৰ লগতে হেকৰা-হাবিলা আদি কেইবা স্থানতো এই উচ্ছেদ কাৰ্য চলে। প্ৰশাসনৰ এই অভিযান আগলৈকো অব্যাহত থাকিব বুলি সদৰী কৰিছে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে। আজি পুৱাৰ ভাগত চলা এই অভিযানত লক্ষাধিক পৰিমাণৰ কেঁচা ইটা নষ্ট কৰা হয়। প্ৰশাসনৰ এনে তৎপৰতাক শলাগিছে সচেতন ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস