নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুপ্তাংগ কটাৰ অপৰাধত পিতা-পুত্ৰক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড নগাঁও আদালতৰ  

বিশেষ বাৰ্তা, ২৩ মে’ : এইবাৰ হত্যাৰ গোচৰত নহয় গুপ্তাংগ কাটি গুৰুতৰভাবে এজন লোকক আঘাত কৰাৰ অপৰাধত দুই পিতা-পুত্ৰক আজি নগাঁও আদালতে ১০ বছৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে। ঘটনা সন্দৰ্ভত নগাঁও ছেচন আদালতত চলা ১১৭/১৪ নম্বৰৰ গোচৰৰ চৰকাৰী অধিবক্তা বিভা ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, জিলাখনৰ ৰূপহী থানাৰ অন্তৰ্গত বাতীপুখুৰী গাঁৱৰ আব্দুল ৰফিক আৰু তেওঁৰ পুত্ৰ আনোৱাৰ হুছেইনে ২০১৩ চনৰ ২৬ আগষ্টৰ বিয়লি এডোখৰ মাটিত হালবোৱাক লৈ একেখন গাঁৱৰে জিয়াবুৰ ৰহমানৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি আৰু পিছত পেটত চোকা অস্ত্ৰৰে গুৰুতৰ ভাবে জখম কৰে। ইয়াতে ক্ষান্ত নাথাকি দুই পিতা-পুত্ৰই জিয়াবুৰৰ গুপ্তাংগ ছেদ কৰে। এই সন্দৰ্ভত ভূক্তভোগীৰ ভাতৃ শ্বৰিফুল ইছলামে স্থানীয় ৰূপহী থানাত দিয়া এক এজাহাৰৰ ভিত্তিত ৩৬৫/১৩ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্তকাৰী আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াই আদালতত দুয়োজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। ইয়াৰ ভিত্তিত আদালতত চলা সাক্ষীবাদীৰ অন্তত অৱশেষত নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰক্তিম দুৱৰাৰ আদলতে ভাৰতীয় দণ্ডবিধিৰ ৩২৬ ধাৰাৰ অধীনত দুই পিতা-পুত্ৰক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।
প্ৰেৰক কনক হাজৰিকা
You might also like