নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত আনন্দ মিশ্ৰ কঁপনি : সন্ত্ৰস্ত ঢকুৱাখনাৰ চোৰাং গৰু-ড্ৰাগছ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৩ মেঃ নকল সোণ, নকল টকা আদিৰ চুৰাং ব্যৱসায়ী আৰু অপৰাধীৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাত আৰক্ষী অধিক্ষক হিচাপে যোগদান কৰিয়েই অপৰাধীৰ ঘাটি নিৰ্মূল অভিযানত নামি পৰা SP আনন্দ মিশ্ৰৰ আগমনে সাধাৰণ জনতাৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ বিপৰীতে আতংকিত কৰি তুলিছে অপৰাধ জগতত ৷ আনন্দৰ আগমনে নিৰানন্দ কৰি তোলা অপৰাধ জগতৰ নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী সকলৰ সমান্তৰালভাৱে এতিয়া কপনি উঠিছে অন্যান্য অপৰাধী চক্ৰৰ লগতে চুৰাং গৰু নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী আনকি তেল চুৰ চক্ৰটোৰ মাজত ৷ বিশেষকৈ ৰাজ্যত গৰু বেপাৰৰ গ্ৰীণ কৰিড় হিচাপে চিহ্নিত সোণাৰি চাপৰি বৰ্ষামুখ আৰু মৰনৈ বেবেজীয়া বৰ্ষামুখ, আদি পথেৰে নিয়মিতভাৱে চুৰাং গৰু সৰবৰাহকাৰীয়ে বালিঘাট, পাকনীয়া ঘাট আদিৰে মাজুলী, ঢকুৱাখনা, ধেমাজী, চিলাপথাৰ আদি অঞ্চলৰ পৰা অহ ৰহ সৰবৰাহ কৰি থকা্ গৰু সৰবৰাহকাৰী কাৰী আৰু গৰু বেপাৰীৰ মাজতো এতিয়া স্‌ষ্টি হৈছে আতংক ৷ ৰাজ্যখনত গৰু ব্যৱসায় বন্ধ থকাৰ আচিলা লৈ ক্‌ষক আৰু গো পালকৰ পৰা অতি কম মূল্যত গৰু গাই ক্ৰয় কৰি জনসাধাৰণৰ মুৰত মাধমাৰ সুধাই একাংশ বেপাৰীয়ে চুৰাংকৈ ৰমৰমীয়া গৰু ব্যৱসায় চলাই আহিছিল যদিও আনন্দ মিশ্ৰৰ আগমনে এই সকলকো  কৰি তুলিছে শংকিত। তেনেদৰেই ঢকুৱাখনা, সোণাৰি চাপৰি আদিত নিৰ্বিঘ্নে গঢ় লৈ উঠা নিষিদ্ধ ড্ৰাগছ সেৱন কাৰী আৰু সৰবৰাহকাৰীৰ লগতে তেল চুৰি চক্ৰটোৰ মাজতো স্‌ষ্টি হৈছে চুনামী সৰ্দ্‌শ পৰিস্থিতি ৷ এই ক্ষেত্ৰত অপৰাধ জগতৰ মাজত আতংকৰ স্‌ষ্টি কৰি লখিমপুৰ জিলাত এছপি হিচাপে যোগদান কৰা আনন্দ মিশ্ৰ প্ৰথমবাৰৰ বাবে ঢকুৱাখনাত উপস্থিত হোৱাৰ পিছতেই অপৰাধ জগতৰ ৰথী মহাৰথী সকল অধিক শংকিত হৈ পৰিছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে ২৩ মে’ত ঢকুৱাখনাত উপস্থিত হোৱা আইপিএছ বিষয়া গৰাকীক চাবলৈ স্বানীয় ৰাইজে থানাৰ চৌহদত কৰা ভিৰ আৰু ৰাইজৰ আৰ্শীবাদে এক প্ৰকাৰে দুৰ্ণীতি নিৰ্মূল অভিযানৰ বাবে আৰক্ষী বিষয়া গৰাকীক অধিক মনোবল ব্‌দ্ধি কৰিছে বুলিও জানিবলৈ দি ঢকুৱাখনা অঞ্চলৰ অন্ধকাৰ জগতখন পোহৰাই তুলিবলৈকো আহ্বান জনাইছে মহকুমাটোৰ সচেতন মহলে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি
You might also like