নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ-ক্ষেত্ৰীত ক্ষুদ্ৰ জলসিঞ্চন বিষয়ক সজাগতা সভা

বিশেষ বাৰ্তা, ১০ জানুৱাৰী: কৃষি ক্ষেত্ৰত নিত্য নতুন সংযোজনেৰে কৃষকক আগুৱাই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। প্ৰধামন্ত্ৰী কৃষি জলসিঞ্চন যোজনা চমুকৈ PMKSYৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ দৰে আজি কামৰূপ মেট্ৰ’ জিলাৰ ক্ষেত্ৰী আৰু সোণাপুৰ কৃষি উন্নয়ণ চক্ৰতো অনুষ্ঠিত হয় দুখনকৈ সভা। সমসাময়িক সময়ত অতিকৈ প্ৰাংসগিক হৈ উঠা মাইক্ৰ’ ইৰিগেছন, পাৰ ড্ৰপছ ম’ৰ ক্ৰোপছ অৰ্থাৎ ক্ষুদ্ৰ জলসিঞ্চনৰ বিষয়ে সজাগ কৰিবলৈ ক্ষেত্ৰীৰ ঔজাৰি গাঁৱত অনুষ্ঠিত সজাগতা সভাখনত ভাষণ আগবঢ়ায় কামৰূপ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুকুল বৰ্মন, স্থানীয় কৃষি উন্নয়ণ বিষয়া জ্যোতি কোঁৱৰ, টেকন’লজী কাৰ্যবাহী ৰাণা দাস আদিয়ে। সজাগতা সভাত প্ৰায় ৬০জন প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে সোণাপুৰৰ ডিগাৰুপাৰ গাঁৱতো একে বিষয়ক অনুষ্ঠিত সজাগতা সভাখনত অৰ্ধশতাধিক কৃষকে অংশগ্ৰহণ কৰে। উল্লেখনীয় যে কালিৰে পৰা কামৰূপ জিলা কৃষি বিভাগৰ বিভিন্ন কৃষি চক্ৰত কৃষি জলসিঞ্চন যোজনা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হৈ আছে।

You might also like