নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত মাহেকীয়া কাব্যালোচনী “কাব্যকুঞ্জ” শুভ উন্মোচনী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী: একাংশ নতুন কবিৰ আশাসুধীয়া প্ৰচেষ্টাত কামৰূপ জিলাৰ বকোত প্ৰকাশ কৰি উলিওৱা মাহেকীয়া কাব্যালোচনী ” কাব্যকুঞ্জ ” আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। আজি আবেলি পৰত বকো সাহিত্য সভা ভৱনত এক মনোজ্ঞ অনুস্থানত মাহেকীয়া কাব্যালোচনী কাব্যকুঞ্জ শুভ উন্মোচন কৰে বিশিষ্ট কবি তথা ঔপন্যাসিক ড: চিত্তৰঞ্জন দাসে। উল্লেখ্য যে ; বকো সাহিত্য সভা ভৱনত একুৰি মান নতুন কবিৰ উপস্থিতিত উন্মোচন কৰে কাব্যকুঞ্জ খন। অনুস্থানত বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতা সম্পাদক জনাৰ্দন বড়ো আৰু সহকাৰী সম্পাদক পবিত্ৰ কৈৱৰ্তৰ সহযোগত কাব্যকুঞ্জৰ শ্ৰষ্ট্ৰা নয়ন ৰাভা ; সত্যপ্ৰিয়ম নাথ ; দীপাংকৰ বৈশ্য আৰু মহেন্দ্ৰ নাথ বৰাৰ তৎপৰতাত প্ৰায় বাইছ গৰাকী নতুন কবিৰ কবিতা সান্নিবিষ্ট কাব্যালোচনী কাব্যকুঞ্জ খন উন্মোচন কৰা হয়। অনুস্থানত পাছ গৰাকী নবীন কবিব স্ব ৰচিত কবিতা পাঠ কৰা হয়। কাব্যকুঞ্জ উন্মোচনী অনুষ্ঠানত কবি – ঔপন্যাসিক ড: চিত্তৰঞ্জন দাসে কবি আৰু কবিতাৰ গুণগত মানদণ্ডৰ ওপৰত আলোকপাত কৰে। কবিতা কি বস্তূ ; কবিতা কাক কয় ; কবিতা কেনেকৈ হয় আৰু কেনেকৈ লিখিব লাগে ইয়াৰ ওপৰত বিশ্লেষণ প্ৰকাশ কৰি উৎসাহিত কৰে। কাৰ্য্যসূচী অনন্য ৰূপত প্ৰকাশ হোৱা বুলি জনায় বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতাই।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like