নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত লুইতৰ বিধ্বংসী খহনীয়া

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : ভদীয়া বানৰ সংহাৰৰ পিছত লুইতৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বিভিন্ন অঞ্চলত। বানপানী শুকোৱাৰ পিছতেই ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহলৌকান্দা আৰু টেঙাগুৰি কছাৰী গাঁৱত লুইতৰ গৰাখহনীয়াই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যোৱা এসপ্তাহত বৰহলৌকান্দা আৰু টেঙাগুৰি কছাৰী গাঁৱত গৰাখহনীয়াই প্ৰায় অৰ্ধশতাধিক পৰিয়াল গৃহহীন কৰিছে। নিজৰ আপোন ঘৰ বাৰী হেৰুৱাই চকুলো টুকিছে নৈপৰীয়া লোক সকলে। বৰহলৌকান্দা গাঁৱৰ আমেৰিকা ৰবিদাস নামৰ লোক জনে লুইতৰ পাৰত বহি কেৱল চকুলো টুকিছে। লুইতৰ পৰা মাত্ৰ ৫ মিটাৰ দূৰত্বত তেওঁৰ সপোনৰ ঘৰ – বাৰী। যিকোনো মূহুৰ্তত লুইতত জাহ যাব আমেৰিকা ৰবিদাসৰ সপোন। সকলোৱে নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্হানত ঢাপলি মেলাৰ সময়ত আমেৰিকা ৰবিদাস কতো যাব পৰা নাই। আমেৰিকা ৰবিদাসে জানিব দিয়া তেওঁৰ আশ্ৰয়ৰ বাবে কোনো ঠাই নাই কত যাব কি কৰিব। আমেৰিকা ৰবিদাসৰ চৰকাৰলৈ কাতৰ আহ্বান চৰকাৰে কিবা এটা ব্যৱস্থা কৰক। অকল আমেৰিকা ৰবিদাসেই নহয় এনেকুৱা নিঠৰুৱা পৰিয়াল আৰু আছে বৰহলৌকান্দা আৰু টেঙাগুৰি কছাৰীগাঁৱত। গৰাখহনীয়াত গৃহহীন হৈ একাংশ পৰিয়াল কাষতে থকা এখন বিদ্যালয়ত আশ্ৰয় লব লগা হৈছে। অদ্যপি এই অঞ্চল দুটাত গৰাখহনীয়া অব্যাহত আছে। এই অঞ্চলৈ চৰকাৰ, স্হানীয় প্ৰতিনিধি আৰু জলসম্পদ বিভাগৰ যেন অনীহা। বিভীষিকাময় পৰিস্হিতিৰ পিছতো বৰহলৌকান্দাত কোনো জনপ্ৰতিনিধি আৰু জলসম্পদ বিভাগৰ কোনো বিষয়া কৰ্মচাৰী আহিবলৈ আহৰি পোৱা নাই। আনকি লাহৰীঘাটৰ বিভিন্ন অঞ্চলত গৰাখহনীয়াৰ অস্হায়ী প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণৰ কাম অব্যাহত ৰাখিছে যদিও বৰহলৌকান্দা আৰু টেঙাগুৰি কছাৰী গাঁৱত গৰাখহনীয়া প্ৰতিৰোধী কোনো কাম কপাৰ পৰিকল্পনা কৰা নাই। জিলা জলসম্পদ বিভাগৰ কূম্ভকৰ্ণৰ নিদ্ৰাৰ ভূমিকা লোৱা নৈপৰীয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like