জালুকবাৰী সমষ্টিৰ ৩ ঠাইত মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে গৈ ভেকচিন গ্ৰহণৰ বুজ ল’ব
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই মাৰাত্মক কৰোনা ভাইৰাছ দুৰ কৰাৰ লক্ষ্যৰে ৰাইজৰ ভেকচিন গ্ৰহণ ১০০ শতাংশৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেয়ে যি কোনো সময়তে ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ যি কোনো ঠাইত হৰ ঘৰ দস্তক কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ উল্লেখ্য যে এতিয়াও যি সকল প্ৰাপ্তবয়স্ক পুৰুষ মহিলাই বিভিন্ন কাৰণত আজি পৰ্যন্ত কভিদ প্ৰতিষেধক গ্ৰহণ কৰা নাই তেওঁলোকক প্ৰতিষেধক লোৱাৰ বাবে বুজনি দিয়া অভিযানৰ অংশৰূপে ত্ৰিশ নৱেম্বৰৰ পৰা জালুকবাৰী সমষ্টিৰ শুৱালকুছিৰ বিভিন্ন ঠাইতো উক্ত অভিযান চলে ৷ সেই অনুসৰি বৃহত্তৰ শুৱালকুছিৰ তিনিওখন গাওঁ পঞ্চায়ত এলেকা বংশৰ গন্ধমৌ বাথান শ্ৰীহাটী আদিৰ ভোটগ্ৰহণ কেন্দ্ৰ এলেকাৰ ভোটাৰ আৰু সাধাৰণ ৰাইজৰ মাজত ভেকচিন নোলোৱা ব্যক্তিৰ ঘৰে ঘৰে গৈ বুজ লয় বি এল অ’ , আশাকৰ্মী আৰু ভেকচিন পৰ্যৱেক্ষক তথা শিক্ষক সকলে ৷ পাঁচ ডিচেম্বৰৰ ভিতৰত সমষ্টিত ভেকচিন গ্ৰহণ শূণ্য শতাংশ কৰাৰ বাবে যুদ্ধংদেহি তৎপৰতাৰে তাত নিয়োজিত সকলো লাগি পৰিছে ৷ উক্ত কামৰ তদাৰক কৰিছে নিৰ্বাচনী বিভাগৰ এ ই আৰ অ’ তথা শুৱালকুছি খণ্ড উন্নয়ন বিষয়া অৰ্চনা দাস আৰু এ ই আৰ অ’, গৌতম বৈশ্যই ৷ তেঁওলোকক সহযোগ কৰে বি এল অ’ চুপাৰভাৰ্যাৰদ্বয় ভগৱান বৈশ্য আৰু নিৰেন বৈশ্যই ৷ ভেকচিন পৰ্যৱেক্ষণ দল সকলে অঞ্চলটোৰ প্ৰতিটো ঘৰত গৈ লোক সকলৰ বুজ লৈ এটাও প্ৰতিষেধক গ্ৰহণ নকৰা সকলক ভেকচিন লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিধায়ক ড°হিমন্ত বিশ্ব শৰ্মাৰ সপোন সাৰ্থক কৰাৰ বাবে অনুৰোধ জনায় ৷ মন কৰিব লগা এই যে অঞ্চলটোৰ একাধিক শয্যাশায়ী জ্যেষ্ঠ নাগৰিককো ঘৰত গৈ উক্ত দল সকলে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰে।